ETV Bharat / state

বাঁহৰ দলঙেই যাতায়তৰ একমাত্ৰ সাৰথি - তিনিচুকীয়া জিলা

বিজেপি, অগপ, কংগ্ৰেছ কোনো চৰকাৰে সমাধান নকৰিলে ডিৰাক নদীৰ ওপৰত থকা ন-চুমনি-বান্দৰখাটি সংযোগী বাহঁৰ দলং৷ বিগত বিধানসভা নিৰ্বাচনৰ আগত বৰ্তমানৰ বিধায়ক বলিন চেতীয়াই নিৰ্বাচনত জয়ী হলেও দলংখন কাঠৰ নতুবা পকী বনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও হৈ নুঠিল৷

ডিৰাক নদীৰ ন-চুমনি-বান্দৰখাটি সংযোগী বাহঁৰ দলঙৰ দুৰৱস্থা
author img

By

Published : Apr 4, 2019, 8:19 PM IST

শদিয়া, 4 এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ লক্ষিমপুৰ লোকসভা সমষ্টিৰ শদিয়া বিধানসভাৰ অন্তৰ্গত ডিৰাকৰ ন-চুমনি আৰু বান্দৰখাটি সংযোগী বাহঁৰ দলংখনে জীয়াতু ভোগাইছে কেইবাখনো গাৱঁৰ ৰাইজক ৷ ৰাইজৰ অভিযোগ অনুসৰি অগপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জগদীশ ভুঞা আৰু কংগ্ৰেছ চৰকাৰ তথা বৰ্তমানৰ বিজেপি বিধায়ক বলিন চেতীয়াৰ প্ৰতিশ্ৰুতি অসাৰ দলংখনকলৈ ৷

ডিৰাক নদীৰ ন-চুমনি-বান্দৰখাটি সংযোগী বাহঁৰ দলঙৰ দুৰৱস্থা

বিগত বিধানসভা নিৰ্বাচনৰ আগত বৰ্তমানৰ বিধায়ক বলিন চেতীয়াই নিৰ্বাচনত জয়ী হলেও দলংখন কাঠৰ নতুবা পকী বনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত ভগা বাঁহৰ দলং তেনেকৈয়ে ৰ'ল ৷ কেইবাখনো গাৱঁৰ যাতায়তৰ থল এই দল খন৷

বাৰিষা আহিলে নাৱেৰে অহা যোৱা কৰিব লগীয়া হোৱা ডিৰাক নদীৰ ওপৰত থকা ভগা বাঁহৰ দলঙখনেৰে পাৰ হ'ব নোৱাৰে গাড়ী নতুবা মটৰচাইকেল ৷ সেয়ে অনতিপলমে গাঁওবাসীৰ এই সমস্যাটো সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰীক আন্দোলন গঢ়ি তোলাৰ হুমকি প্ৰদান কৰিছে অঞ্চলবাসীয়ে ৷

Intro:বিজেপি, অগপ, কংগ্ৰেছ কোনো চৰকাৰে সমাধান নকৰিলে ডিৰাক নদীৰ ওপৰত থকা ন-চুমনি-বান্দৰখাটি সংযোগী বাহঁৰ দলং

শদিয়া : তিনিচুকীয়া জিলাৰ লক্ষিমপুৰ লোকসভা সমষ্টিৰ শদিয়া বিধান সভাৰ অন্তগত ডিৰাকৰ ন-চুমনি আৰু বান্দৰখাটি সংযোগী বাহঁৰ দলংখনে জীয়াতু ভোগাইছে কেইবাখনো গাৱঁৰ ৰাইজে ৷ বিগত অগপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জগদীশ ভুঞা, বিগত কংগ্ৰেছ চৰকাৰ তথা বৰ্তমানৰ বিজেপি বিধায়ক বলিন চেতীয়াৰ প্ৰতিশ্ৰুতি অসাৰ দলংখনকলৈ ৷ বিগত বিধানসভা নিৰ্বাচনৰ আগত বৰ্তমানৰ বিধায়ক বলিন চেতীয়াই নিৰ্বাচনত জয়ী হলেও দলংখন কাঠৰ নতুবা পকী বনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিকোপতি ভগা বাঁহৰ দলং তেনেকৈয়ে ৰ'ল ৷ কেইবাখনো গাৱঁৰ যাতায়তৰ একমাত্ৰ দলংখনেৰে ছাত্ৰ ছাত্ৰীৰ লগতে চিকিৎসাৰ বাবেও আহিব লগীয়া হয় ৷ বাৰিষা আহিলে নাৱেৰে অহা যোৱা কৰিব লগীয়া হোৱা ডিৰাক নদীৰ ওপৰত থকা ভগা বাঁহৰ দলংখনত নাযায় গাড়ী নতুবা মটৰচাইকেল ৷ খোজকাঢ়ি নহলে বাইচাইকেলেৰে অহা যোৱা কৰিব লগীয়া হোৱাৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ ৷ চৰকাৰে বাঁহ, কাঠৰ দলং সমুহ পকী কৰাৰ যি শ্লগান প্ৰদান কৰিছে তাৰ বিপৰীতে বাহঁৰ পৰা কাঠৰ দলঙলৈ ৰূপান্তৰ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে গঞাকেইখনৰ ৰাইজে ৷ অনতিপলমে সমস্যাটো সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰীক আন্দোলন গঢ়ি তোলাৰ হুমকি প্ৰদান কৰিছে অঞ্চলবাসীয়ে ৷Body:Bite : 2...PublicConclusion:Mintu Talukdar
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.