তিনিচুকীয়া, 2 মাৰ্চঃ ৰাজ্যত পুনৰ ধৰ্ষিতা শিশু কন্যা ৷ তিনিচুকীয়াৰ ৰংপুৰীয়াত 3 বছৰীয়া শিশুক ঘৰৰ পৰা উঠাই নি ধৰ্ষণ কৰে এজন ব্যক্তিয়ে ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি বিদ্যালয়ৰ পৰা অহাৰ পিচত শিশুটিক ফুচুলাই স্কুটিত লৈ যায় অভিযুক্তই আৰু পৰৱৰ্তী সময়তধৰ্ষণৰ বলি হয় শিশুটিক৷
আনফালে শিশুটিকবিচাৰি পৰিয়ালৰ লোকৰ মাজত হুৱা-দোৱাৰ সৃষ্টি হয়৷ শিশুটিক পিতৃ-মাতৃয়ে বিচাৰি হাহাকাৰ লগাই থকা সময়তে স্থানীয় লোকে জংঘলৰ পৰা মূৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে শিশুটিক আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ নি কোনোমতে শিশুটিৰ প্ৰাণ ৰক্ষা কৰে৷
ইয়াৰ পিচতেই শিশুটিৰ পিতৃ-মাতৃয়ে তিনিচুকীয়া সদৰ আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে তদন্ত চলাই অভিযুক্তৰ স্কুটিখন জব্দ কৰে কিন্তু বৰ্তমানো দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাষন৷