তিনিচুকীয়া, ১১ জানুৱাৰী: ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী আছে ৷ ৰাজ্যৰ চৌদিশে এতিয়া কৃষি ভিত্তিক উৎসৱ ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে (Bhogali Bihu preparation in Assam) ৷ পিছপৰি ৰোৱা নাই তিনিচুকীয়াও ৷ জিলাখনৰ ভিন্ন স্থানত মেজি-ভেলাঘৰ সাজি উৰুকাৰ ভোজ-ভাতৰ বাবে আয়োজন কৰা দেখা গৈছে ৷ ইয়াৰ সমান্তৰালকৈ গ্ৰাম্যাঞ্চল সমূহতো মহিলাসকল ব্যস্ত বৈ পৰিছে বিহুৰ চিৰা-পিঠা আদি প্ৰস্তুত কৰাত (Bhogali Bihu celebration in Assam) ৷
ইফালে, তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান (Assam State Rural Livelihood Mission) তিনিচুকীয়া শাখাৰ উদ্যোগত আগন্তুক ভোগালী বিহু উপলক্ষে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ৷ তিনিচুকীয়া থানা চাৰিআলিৰ সমীপত অৱস্থিত ডাক বাংলো প্ৰাংগণত আজি অৰ্থাৎ ১১ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰী লৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অসমী ভোগালী মেলা ৷ এই অসমী ভোগালী মেলাৰ আৰম্ভনিৰ দিনা এগছি বন্তি জ্বলাই শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে ।
মেলা উদ্বোধন কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে অসমী ভোগালী মেলাত অংশগ্ৰহণ কৰিবলৈ ওলাই অহা মহিলাসকলক উৎসাহ যোগাই আজিৰ মহিলা অকল পাকঘৰতে সীমাবদ্ধ নহয় বুলি মন্তব্য কৰে (Asomi Bhogali Mela in Tinsukia) ৷ এনেধৰণে নিজৰ পাকঘৰত উৎপাদিত সামগ্ৰী বজাৰলৈ উলিয়াই আনি নিজৰ লগতে পৰিয়ালক স্বাৱলম্বিতাৰ দিশত আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে ৷
এই অসমী ভোগালী মেলাৰ উদ্বোধনী অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ড° ৰাজেন্দ্ৰ নাথ কৈৰী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তিনিচুকীয়াৰ জিলা প্ৰকল্প বিষয়া মনজিৎ গগৈ প্ৰমুখ্যে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তিনিচুকীয়া শাখাৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
ভোগালী বিহু যিহেতু ভোগৰ উৎসৱ সেয়েহে এই মেলাত ভোগৰ লগত জড়িত থলুৱা মহিলাসকলৰ দ্বাৰা উৎপাদিত সকলো সামগ্ৰীয়েই উপলব্ধ হ’ব ৷ মেলাত বিভিন্ন সামগ্ৰীৰ সমান্তৰালভাৱে সন্ধিয়াৰ সময়ত মেলাৰ প্ৰাংগনত স্থানীয় শিল্পীসকলৰ জৰিয়তে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে (Assamese traditional food) ৷
উল্লেখযোগ্য যে, আজিৰে পৰা আৰম্ভ হোৱা অসমী ভোগালী মেলাত তিনিচুকীয়া জিলাৰ ৭ টা উন্নয়ন খণ্ডৰ ১৮ টা আত্মসহায়ক গোট, ৬ টা মণ্ডল পৰ্যায়ৰ সংগঠন আৰু ১ টা উৎপাদক গোটে অংশগ্ৰহণ কৰিছে । অসমী ভোগালী মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সাজ-পোছাক, হস্তনিৰ্মিত সামগ্ৰী, থলুৱা খাদ্য সম্ভাৰ আৰু পিঠা-পনা আদি উপলব্ধ হ'ব । সমূহ ৰাইজক এই তিনিদিনীয়া অসমী ভোগালী মেলালৈ আহি ভোগালীৰ আনন্দ ল’বলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে ৷
লগতে পঢ়ক: Bhugali Bihu at Tingkhong : টিংখাঙত প্ৰস্তুত জাপি আকাৰৰ ৭০ ফুট উচ্চতাৰ মেজি