ETV Bharat / state

Success of Chandrayaan-3 : আনন্দৰ জোৱাৰ ISRO ৰ বৈজ্ঞানিক নিধি শৰ্মাৰ শহুৱেকৰ বাসগৃহত - কি ক’লে ISRO ৰ বৈজ্ঞানিক নিধি শৰ্মাই

চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ ৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ ৷ বিশিবাসীয়ে গাইছে ভাৰতীয় বিজ্ঞানীৰ বিজয় গাঁথা ৷ পোন প্ৰথমবাৰৰ সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিলে চন্দ্ৰযান-৩ ৰ সৈতে জড়িত ISRO ত কৰ্মৰত বিজ্ঞানী তথা তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাই ৷

Success of Chandrayaan-3
চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ ৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 9:20 AM IST

কি ক’লে ISRO ৰ বৈজ্ঞানিক নিধি শৰ্মাই

তিনিচুকীয়া, ২৬ আগষ্ট : বিশ্বৰ উন্নত দেশে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ভাৰতে ৷ পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিত মেৰুত ভৰি থ’লে ভাৰতে ৷ ইয়াৰ পাচতে মিছন চন্দ্ৰযান-৩ ৰ সফলতাৰ গুণগান গাইছে সমগ্ৰ বিশ্বই ৷ সকলোৰে জ্ঞাত যে, মিছন চন্দ্ৰযান-৩ ৰ সৈতে জড়িত আছে কেবাজনো অসম সন্তান ৷ তেওঁলোক হ’ল লখিমপুৰৰ চয়ন দত্ত, জামুগুৰিহাটৰ উদ্দীপনা কলিতা, তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ লগতে আৰু বহুজন ৷

Success of Chandrayaan-3
চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ ৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ

চন্দ্ৰযান-৩ ৰ সফলতাৰ পাচত পোন প্ৰথমবাৰৰ বাবে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে ISRO ৰত কৰ্মৰত বিজ্ঞানী তথা তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাই ৷ নিধি শৰ্মাই নিজা ভাষাতেই ভাৰতীয় হিচাপে গৌৰৱাম্বিত বুলি উল্লেখ কৰি এনে গৌৰৱৰ সন্ধিক্ষণত সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰে ৷ চন্দ্ৰযান-৩ ৰ সৈতে জড়িত হ’বলৈ পাই গৌৰৱবোধ কৰিছে বুলি মন্তব্য কৰে নিধি শৰ্মাই ৷

সমান্তৰালভাৱে পৰিয়াল তথা ভাৰতবাসীৰ মৰম, সাহস, প্ৰেৰণা আৰু শুভেচ্ছাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে নিধিয়ে ৷ তেওঁ কয়, ‘‘এতিয়াও আমি চন্দ্ৰযান-৩ ৰ সৈতে যথেষ্ট ব্যস্ত হৈ আছো ৷ সেয়ে ৰাইজৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নাই’’ ৷

Success of Chandrayaan-3
আনন্দিত ISRO ৰ বৈজ্ঞানিক নিধি শৰ্মা

চন্দ্ৰযান-৩ ৰ চন্দ্ৰপৃষ্ঠত বিক্ৰম অৱতৰণ কৰাৰ পাচতে নিধি শৰ্মাই ক্ষন্তেক সময়ৰ বাবে তিনিচুকীয়াৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি নিজৰ আনন্দ প্ৰকাশ কৰিছিল ৷ তেওঁ কৈছিল, “আমি সফল হ’লো, আমি সফল হ’লো” ৷ জানিব পৰা মতে, নিধি শৰ্মাই ইয়াৰ পূৰ্বেও চন্দ্ৰযান-২ ৰ সৈতেও জড়িত হৈ আছিল ৷

উল্লেখ্য যে, তিনিচুকীয়া ৰাজাআলীৰ দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী আৰু দিবাকৰ দেৱৰ পত্নী হৈছে নিধি শৰ্মা ৷ ২০১৯ চনত তিনিচুকীয়াত নিধি শৰ্মা আৰু দিবাকৰ দেৱৰ সৈতে বিবাহ সম্পন্ন হয় । বিগত দহ বছৰৰ পৰা ISRO ত কৰ্মৰত হৈ আছে নিধি শৰ্মা ৷

Success of Chandrayaan-3
ভাৰতীয় বিজ্ঞানীৰ বিজয় গাঁথা

নিধি শৰ্মা বৰ্তমান ৫ মাহৰ সন্তান সম্ভৱা যদিও দিন-ৰাতি একাকাৰ কৰি অশেষ কষ্টৰে দেশবাসীৰ বাবে কাম কৰি গৈছে ৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ISRO ত কৰ্মৰত হৈ আছে নিধিয়ে ৷

লগতে পঢ়ক : Success of Chandrayaan-3: চন্দ্ৰযান-3 বিজয় গাঁথা; আনন্দৰ জোৱাৰ ISRO ৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ বাসগৃহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.