ETV Bharat / state

বৃহস্পতি বাৰে ৰাজ্যৰ ক’ত ক’ত উদ্ধাৰ হ’ল ড্ৰাগছ ? - drugs recovery news

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ কাকপথাৰ , খাটোৱাল, দেৰগাঁও, শিৱসাগৰ আদিত অভিযান চলাই সাফল্য লাভ কৰিছে আৰক্ষীয়ে ৷

assam-police-on-mission-against-drugs
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ জেহাদ
author img

By

Published : Jul 1, 2021, 8:35 PM IST

নিউজ ডেস্ক , 1 জুলাই : ৰাজ্যত অসম আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্য, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ, ভূমি অধিগ্ৰহণ আদি বিভিন্ন দিশত চলি থকা অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ বিশেষকৈ, ড্ৰাগছ আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে ৷

শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন দিশত দীৰ্ঘদিনৰ পৰা অবিৰতভাৱে চলি থকা অপৰাধীৰ দপদপনি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে বিগত সময়চোৱাত প্ৰায় প্ৰতিদিনেই অভিযান কৰি সফলতা লাভ কৰিছে ৷ কৰ’ণা মহামাৰীসৃষ্ট আংশিক লকডাউনৰ সময়ত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব সুকলমে পালন কৰিও সমান্তৰালভাৱে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা ভূমিকাক একেমুখে শলাগ লৈছে ৰাজ্যৰ সচেতন মহলে ৷

ড্ৰাগছসহ এজনক আটক কাকপথাৰ আৰক্ষীৰ :

শেহতীয়াকৈ, বৃহস্পতিবাৰে নিশা কাকপথাৰৰ ১ নং চেলেংগুৰিত ৰাইজৰ সহযোগত কাকপথাৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছে এজন লোকক ৷ ১নং চেলেংগুৰী যুৱ সংঘ আৰু ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ভাইকন সোণোৱাল নামৰ লোক জনক ৷ উল্লেখ্য যে, ধৃত ভাইকন সোণোৱালৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকা অভিযোগ উত্থাপিত হৈ থকাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহায়ত ভাইকন সোণোৱালৰ বাসগৃহত তালাচী চলোৱাত কিছু পৰিমানৰ ড্ৰাগছ সহ যথেষ্ট পৰিমাণে নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে নিশাই ভাইকন সোণোৱালক আটক কৰি কাকপথাৰ থানালৈ লৈ প্ৰেৰণ কৰে ৷

ড্ৰাগছৰ বিৰুদ্ধে খাটোৱাল আৰক্ষীৰ বৃহৎ সাফল্য :

বুধবাৰে নিশা নগাঁও জিলাৰ খাটোৱাল আৰক্ষীয়ে এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ চামগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলক দত্ত আৰু পুৰণিগুদামৰ আই চি বীৰদাও গয়াৰীৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে এক গোপন সূত্ৰ তথ্যৰ ভিত্তিত অভিযান চলাই ২৯ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ , ৪৯ হাজাৰ নগদ ধন সহ ত্ৰিশ বছৰীয়া মহিমা খাতুন নামৰ ড্ৰাগছ ব্যৱসায়ী মহিলা গৰাকীক আটক কৰে ৷

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ অভিযান :

সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত দ্ৰব্যৰ বিৰূদ্ধে ধাৰাবাহিক অভিযান । বুধবাৰে, নিশা এক অভিযানত হাতীয়ে খোৱা অঞ্চলৰ পৰা ড্ৰাগছ সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দেৰগাঁও আৰক্ষী । জানিব পৰা মতে, যুৱক দুজনৰ পৰা দুটাকৈ টেমাত থৈ দিয়া অৱস্থাত ড্ৰাগছ সহ তিনিটাকৈ চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ।

পুনৰ ড্ৰাগছ ব্যৱসায়ী আটক শিৱসাগৰত :

শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত বগীদ'লত ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে এজনক ৷ জানিব পৰা মতে, আটক কৰা ড্ৰাগছ ব্যৱসায়ীজন আমগুৰি দোপদৰৰ ৰাজু আলি ৷ ধৃত ৰাজু আলিয়ে গেলেকী মেকিপুৰলৈ ২০ গ্ৰাম হে'ৰইন বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত আৰক্ষীৰ জালত পৰে ৷ সম্প্ৰতি, জয়সাগৰ আৰক্ষী চকীত ৰাজু আলিক আৰক্ষীয়ে তদন্তৰ খাতিৰত জেৰা কৰি আছে ৷

লগতে পঢ়ক : পাঠশালাত ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.