ETV Bharat / state

Upamanyu Hazarika press meet; উচ্ছেদ আৰু ভূমি নীতিক লৈ চৰকাৰৰ দুমুখীয়া নীতি: উপমন্যু হাজৰিকা

author img

By

Published : Mar 4, 2023, 9:05 PM IST

‘‘চৰকাৰৰ উচ্ছেদতো দুটা নীতি আছে ৷ খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা । মিছন বসুন্ধৰা ২.০ অনুসৰি অসমৰ ১৪ লাখ PGR, VGR ভূমি আৱন্টন দিয়া হ’ব অবৈধ বাংলাদেশী বেদখলকাৰীক ৷’’ শনিবাৰে তিনিচুকীয়াত এক সংবাদমেল আয়োজন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই (Assam Govt has two policies in evictions said Upamanyu Hazarika) ৷

Upamanyu Hazarika’s press meet
চৰকাৰৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা
চৰকাৰৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা

তিনিচুকীয়া, ৪ মাৰ্চ : সাম্প্ৰতিক অসমৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত শনিবাৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই তিনিচুকীয়াৰ হোটেল এৰমা’ ৰেছিডেঞ্চিত আয়োজন কৰে এক সংবাদমেলৰ ৷ সংবাদমেলৰ জৰিয়তে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, ‘‘শিলসাঁকো উচ্ছেদে স্পষ্ট কৰিলে যে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদতো দুটা নীতি আছে ৷ খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি’’ (Assam Govt has two policies in evictions said Upamanyu Hazarika)।

লগতে তেওঁ আৰু কয়, ‘‘দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া ৰাইজক ক্ষতিপূৰণ বা বিকল্প ভূমি আবন্টনৰ ক’তো, কোনোধৰণৰ উল্লেখ নাই ৷ য’ত নেকি বাংলাদেশী বেদখলকাৰীক ক্ষতিপূৰণ, সংস্থাপন ইত্যাদি সকলো সুবিধা প্ৰদান কৰা হৈছে । আনকি মিছন বসুন্ধৰাৰ ২.০ ৰ জৰিয়তে ২০১১ চনলৈকে অহা বাংলাদেশী বেদখলকাৰীক ১৪ লাখ PGR, VGR ভূমিত সংস্থাপনৰ প্ৰস্তুতি চলাইছে । যি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ অসম চুক্তিৰ ছয় নম্বৰ দফাত কাৰ্যকৰী কৰিবলৈ লিপিবদ্ধ আছে’’ ৷

তেওঁ আৰু কয়, ‘‘২০২০ চনত ছয় নম্বৰ দফা সমিতিৰ প্ৰতিবেদন আছে, বিভিন্ন সময়ত স্বয়ং হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্ন বিজেপি নেতাৰ পৰা এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিসমূহ ৷ কিন্তু সেই সকলোবোৰ নস্যাৎ কৰিছে বৰ্তমান বিজেপি চৰকাৰৰ উচ্ছেদ আৰু ভূমি নীতিয়ে’’ ।

উল্লেখযোগ্য যে, বেদখলকাৰী বাংলাদেশীসকলে আদালতত গোচৰ তৰিলে, চৰকাৰে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত তেওঁলোকক সংস্থাপন আৰু ভূমি আবন্টনৰ নিৰ্দেশ দিয়ে । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথম উচ্ছেদ অভিযান চলাইছিল ছিপাঝাৰৰ গৰুখুঁটিত ৷ য’ত PGR, VGR ভূমি বেদখলকাৰী সাতশ পৰিয়ালক ইতিমধ্যে সংস্থাপনৰ ব্যৱস্থা কৰিলে । এই তথ্য প্ৰকাশ পাইছিল উচ্চতম ন্যায়ালয়ৰ ২৪ জানুৱাৰী ২০২৩ চনৰ ৰায়দানত । এই কথা উল্লেখ কৰিছে হাজৰিকাই ৷

লগতে পঢ়ক : Savings Society fraud : সঞ্চয় সমিতিৰ নামত লুণ্ঠন, প্ৰৱঞ্চকক বিচাৰি হাহাকাৰ ভুক্তভোগীৰ

তেওঁ কয়, ‘‘এই ৰায়দানত উল্লেখ কৰা হয় চৰকাৰী পক্ষৰ প্ৰতিশ্ৰুতি যে গৰুখুঁটিৰ ৭০০ পৰিয়ালৰ ৬০০ পৰিয়ালক চৰকাৰে ভূমি আবন্টন কৰি সংস্থাপন কৰিছে । সেই কাৰণে উচ্চতম ন্যায়ালয়ে বাকী ১০০ পৰিয়ালক সংস্থাপন কৰাৰ নিৰ্দেশ দিলে । চৰকাৰে সংস্থাপনৰ দাবী বিৰোধ কৰিব লাগিছিল, কিয়নো আইনগতভাৱে বেদখলকাৰী অপৰাধী আৰু সংস্থাপন দিয়া কোনো আইনী নীতি নিয়ম নাই’’ ।

হাজৰিকাই উল্লেখ কৰে, ‘‘গৰুখুঁটিত বসবাস কৰা ৬০% নাম NRC ত নাই । য’ত নেকি বৰ্তমানৰ NRC খন অশুদ্ধ, হয়তো পুনৰীক্ষণ কৰিলে কোনো বেদখলকাৰীৰ নামেই নাহিব ৷ এই কথা যদিও চৰকাৰ জানে, কিন্তু উচ্চতম ন্যায়ালয়ক এই সন্দৰ্ভত অৱগত নকৰিলে । মুঠৰ ওপৰত বেদখলকাৰী বাংলাদেশী প্ৰায় ভাগ নাগৰিক নোহোৱা স্বত্বেও অসমৰ নাগৰিকৰ অধিকাৰ উপভোগ কৰি আছে’’ ।

আনফালে হাজৰিকাই গুৱাহাটীস্থিত শিলসাঁকোৰ উচ্ছেদ প্ৰসংগত উল্লেখ কৰে, ‘‘শিলসাঁকোত বসবাস কৰা খিলঞ্জীয়া লোকসকলক কোনো আগজাননী নিদিয়াকৈ, বহু দশক ধৰি বসবাস কৰা লোকসকলে আটোম টোকাৰীকৈ বনোৱা সপোনৰ ঘৰখন একে দিনাই ধ্বংস কৰি পেলাইছে । য’ত নেকি তেওঁলোকে চৰকাৰী সা- সুবিধা উপভোগ কৰি আছিল ৷ আনকি গুৱাহাটী পৌৰনিগমৰ কৰ ভৰিও আছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া আৰু বাংলাদেশীৰ মাজত কোনো পাৰ্থক্যই নাৰাখিলে, বৰঞ্চ চৰকাৰী নীতি বাংলাদেশীৰ পক্ষতহে ৰ'ল’’ ।

সংবাদ মাধ্যমৰ আগত উপমন্যু হাজৰিকাই আৰু কয়, ‘‘মিছন বসুন্ধৰা ২.০ অনুসৰি অসমৰ ১৪ লাখ PGR,VGR ভূমি আৱন্টন দিয়া হ’ব অবৈধ বাংলাদেশী বেদখলকাৰীক ৷ তেওঁলোকে কেৱল ২০১১ চনৰ পূৰ্বে বসবাস কৰা চৰকাৰী নথি যেনে বেদখলকাৰী জৰিমনা ৰচিদ, শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ, গৰাখহনীয়া পীড়িত প্ৰমাণ পত্ৰ ইত্যাদি দেখুৱাব পাৰিব লাগিব’’ ৷

লগতে তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীয়ে ডিচেম্বৰ মাহত হোৱা বিধানসভা অধিৱেশনত সদনৰ মজিয়াত প্ৰতিশ্ৰুতি দিয়ে যে সকলো বেদখলকাৰীকে সংস্থাপন দিয়া হ’ব । কিন্তু নামনি অসমত যি হাৰত জনসংখ্যা বৃদ্ধি হৈছে এই মাটি সকলোকে দিব নোৱাৰিব । কিয়নো জনসংখ্যা অনুপাতে আবন্টন কৰা ভূমি কম পৰিব ।

সকলোৱে অৱগত যে খিলঞ্জীয়া পৰিয়ালৰ তুলনাত বাংলাদেশী পৰিয়ালৰ সদস্য সংখ্যা অধিক । যদিহে NRC ক পুনৰীক্ষণ চৰকাৰে নকৰে, খিলঞ্জীয়া ২০৪০ ত সংখ্যা লঘু হোৱাৰ পূৰ্বে ভূমি, সম্পদ, চাকৰি, সংৰক্ষনেই বাছি থকাৰ একমাত্ৰ উপায় ৷ তেনে অৱস্থাত যি নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছে তেনে নীতিয়ে খিলঞ্জীয়াক ২০৪০ ৰ পূৰ্বেই সংখ্যালঘু কৰিব’’ ।

লগতে পঢ়ক : Devi Dol in crisis : দেৱীদৌলৰ প্ৰতি ভাবুকি, পুৰাতত্ব বিভাগৰ বিৰুদ্ধে সৰৱ স্থানীয় সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.