তিনিচুকীয়া, ৩০ আগষ্ট: কংগ্ৰেছৰ হেৰুৱা ভেঁটি উদ্ধাৰৰ বাবে বাগানে বাগানে শীৰ্ষ কাৰ্যসূচী বুধবাৰে তিনিচুকীয়া জিলাত সামৰণি পৰিব ৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ৰূপাই চাহ বাগিচাৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ বাগান যাত্ৰাৰ আজি চতুৰ্থটো দিন ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত দলৰ শীৰ্ষ নেতৃত্বই চাহ জনগোষ্ঠীয় প্ৰাক্তন বিধায়ক-মন্ত্ৰী তথা দলৰ জেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰক লগত লৈ বাগানে বাগানে ঘূৰি কংগ্ৰেছৰ সাংগঠনিক ভেঁটি সবল কৰাত ব্যস্ত হৈ পৰে ৷
তিনিচুকীয়াৰ পৰা আৰম্ভ হোৱা এই বাগানে বাগানে শীৰ্ষ কাৰ্যসূচীৰ আজি অন্তিম দিনা ছোট’ টিংৰাই চাহ বাগিচাৰ ৰাহুল তাঁতীৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কংগ্ৰেছৰ দলটোৱে ৷ ইয়াৰ পাচত চাহ বাগিচাৰ লোকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় কংগ্ৰেছ নেতৃত্ব ৷ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বাৰ্তালাপৰ পাচত সংবাদ মাধ্যমৰ আগত কয়, "আমি এইবাৰ বাগানত ভোট বিচাৰি অহা নাই, আমি আহিছো চাহ বাগিচাৰ ৰাইজৰ অভাৱ-অভিযোগ-দুৰ্দশা বুজ ল’বলৈ ৷"
তেওঁ আৰু কয়, আমি উন্নয়নৰ গংগা আহিছে আহিছে বুলি কওঁ যদিও এতিয়াও সেয়া হৈ উঠা নাই ৷ বাগানৰ কামত নিয়োজিত নোহোৱা শ্ৰমিকে চাহ বাগিচাৰ চাৰিসীমাৰ বাহিৰত গৈ নিজক সংস্থাপিত কৰাৰ বাবে মানসিকতাৰ পৰিবৰ্তন অনা তথা আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে পৰিবেশ কেনেদৰে গঢ়ি তুলিব পৰা যায় সেই বিষয়ে আলোচনা কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, উজনিৰ চাৰিটা লোকসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাত চলিছে কংগ্ৰেছৰ এই বাগান যাত্ৰা ৷ কংগ্ৰেছৰ বাগান যাত্ৰা শেষ হোৱাৰ পাচত পাহাৰীয়া জিলাসমূহৰ সমষ্টিত আৰম্ভ হ’ব পাহাৰে পাহাৰে শীৰ্ষক এক কাৰ্যসূচী ৷