ETV Bharat / state

APCC President Bhupen Borah: সন্মান ৰক্ষাৰ স্বাৰ্থতহে পদত্যাগ পত্ৰ দিছে বিজেপি বিধায়ক মৃণালে; ভূপেন বৰা - APCC Leader Bhupen Borah

ডুমডুমাৰ ৰূপাই চাহ বাগিছাৰ পৰা কংগ্ৰেছৰ "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচী আৰম্ভ । দেওবাৰে বিশেষ কাৰ্যসূচী আৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই ৷

APCC President Bhupen Borah
সন্মান ৰক্ষাৰ স্বাৰ্থতহে পদত্যাগ পত্ৰ দিছে বিজেপি বিধায়ক মৃণালে
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 8:00 PM IST

সন্মান ৰক্ষাৰ স্বাৰ্থতহে পদত্যাগ পত্ৰ দিছে বিজেপি বিধায়ক মৃণালে

তিনিচুকীয়া,27 আগষ্ট: আজিৰে পৰা কংগ্ৰেছৰ ‘‘বাগানে বাগানে কংগ্ৰেছ’’ শীৰ্ষক কাৰ্যসূচী আৰম্ভ হৈছে ৷ দেওবাৰে ডুমডুমাৰ ৰূপাই চাহ বাগিচা পৰা কংগ্ৰেছৰ এই বিশেষ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কেইবাজনো প্ৰাক্তন মন্ত্ৰী-বিধায়ক ৷

‘‘বাগানে বাগানে কংগ্ৰেছ’’ শীৰ্ষক কাৰ্যসূচী শুভাৰম্ভ কাৰৰ পাচতে চৰকাৰক সমালোচনা কৰে ভূপেন বৰাই ৷ বিশেষকৈ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পদত্যাগ সন্দৰ্ভত ভূপেন বৰাই কয়,‘‘মৃণাল শাইকীয়াই বুজি পাইছে তেওঁ যে আগন্তুক নিৰ্বাচনত বিজেপিৰ পৰা টীকত নাপায় ৷ তেওঁ গম পাইছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ স্থানত বিকল্প বিচাৰি আছে ৷ সেয়ে টীকটৰ পৰা বঞ্চিত হোৱাৰ পূৰ্বে পদত্যাগ কৰা এক অনুষ্ঠানিকতা প্ৰকাশ কৰিছে ৷ সন্মান ৰক্ষাৰ বাবেহে তেওঁ এখন কাগজ দিছে ৷’’

বৰ্তমানৰ ৰাজনীতিৰ সন্দৰ্ভত বৰাই কয় যে বৰ্তমান জাত-পাতৰ মাজত বিভাজন অনাৰ সময় শেষ হৈছে ৷ এতিয়া প্ৰধানত দুখন সমাজ দেখা গৈছে, সেয়া হৈছে ধনী আৰু দুখীয়া ৷ ধনী আৰু দুখীয়া সমাজৰ মাজৰ বেৰাখন এতিয়া শক্তিশালী আৰু ওখ হৈ গৈ আছে ৷ ধনীৰ বেৰখন অধিক শক্তিশালী হৈছে, তুলনাত দুখীয়াসকল অধিক দুখীয়া হৈছে ৷ গতিকে ইয়াৰ দূৰত্ব কেনেকৈ কমাব পাৰি তাৰেই এক চেষ্টা কৰাৰ বাবে পৰামৰ্শ গ্ৰহণ কৰা হৈছে ৷

‘‘বাগানে বাগানে কংগ্ৰেছ’’ শীৰ্ষক বিষয়ৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, বাগানৰ প্ৰতিজন লোকৰ সৈতে মই কথা পাতিছো ৷ বৰ্তমানৰ চৰকাৰখনে বিশ্বাসঘাত কৰাৰ বাবে অসন্তুষ্ট ৷ প্ৰতিজন বাগানৰ কৰ্মীয়ে পৰিৱৰ্তনৰ কথা কৈছে ৷

লগতে পঢ়ক:AJP General Meeting: তিনিচুকীয়াত অজাপৰ সাধাৰণ অধিৱেশন; বিজেপিক আক্ৰমণ লুৰীণৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.