তিনিচুকীয়া, 5 মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে বাল্যবিবাহ বিৰোধী অভিযান ৷ ৰাজ্যৰ প্ৰতিখন থানাই থানাই সহস্ৰাধিক এজাহাৰ ৰুজু হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছিল দুই সহস্ৰাধিক লোক ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত আৰম্ভ হোৱা এই অভিযানৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ৰাজ্যৰ বিভিন্ন দল-সংগঠনে (Anti child marriage drive in Assam)৷
তিনিচুকীয়া জিলাৰ গুইজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত শনিবাৰে গুইজান উন্নয়ন খণ্ডৰ খামতিগোৱালী পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষত বাল্যবিবাহ সম্পৰ্কীয় এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয় । অনুষ্ঠানত বাল্যবিবাহৰ ভয়াৱহ পৰিণাম সম্পৰ্কে বিতংকৈ উপস্থাপন কৰাৰ লগতে বাল্যবিবাহ প্ৰতিৰোধৰ বাবে সমাজৰ সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনোৱা হয় । অনুষ্ঠানত উপস্থিত ৰাইজে বাল্যবিবাহ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত মতামত আগবঢ়োৱাৰ লগতে অঞ্চলটোত বিশেষকৈ চাহ বাগিচা এলেকাত বাল্যবিবাহ সম্পূর্ণৰূপে নিষিদ্ধ কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে (Anti child marriage awareness meeting in Tinsukia)।
উক্ত কাৰ্যসূচীত গুইজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া বেদান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত খামতিগুৱালী গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ কাউন্সিলৰ, সামূহিক স্বাস্থ্য বিষয়া গুইজান, গুইজান আৰক্ষী চকীৰ উপ-পৰিদৰ্শক, ABITA ৰ চক্ৰ সমন্বয়ক, চাহ বাগিচাৰ কল্যাণ বিষয়া, গাঁও প্ৰধান তথা এ.এন.এম, আশাকৰ্মী, পোষণৰ খণ্ড সমন্বয়ক, অংগনৱাড়ী চুপাৰভাইজাৰ তথা কৰ্মীসকলৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও সমাজকৰ্মী উপস্থিত থাকে ৷ ইয়াৰোপৰি, কিশোৰ-কিশোৰীসকলৰ লগতে অভিভাৱকসকলো উপস্থিত থাকে সজাগতা সভাখনত (Tinsukia Civil Hospital) ।
লগতে পঢ়ক : Powerloom gamochas ban in Assam: অসমত নিষিদ্ধ হ'ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ; উৎফুল্লিত ৰাজ্যৰ শিপিনী
উল্লেখযোগ্য যে, বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত বহুবছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈ সুখেৰে সংসাৰ অতিবাহিত কৰা লোকসকলকো গ্ৰেপ্তাৰ কৰাত বহু পৰিয়াললৈ ধুমুহা নামি অহাৰ লগতে বহু স্বামী-স্ত্ৰীয়ে আত্মহননৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলৈকো বাধ্য হয় ৷ এই ঘটনাবোৰে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিচত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত আৰক্ষীয়ে অভিযান চলোৱাৰ সলনি সজাগ কৰাৰ উদ্দেশ্যে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ৰাজ্য চৰকাৰৰ শেহতীয়া পদক্ষেপৰ প্ৰতি সমৰ্থন জনাইছে সচেতন জনগণে ৷