ETV Bharat / state

ধাৰাবাহিকভাৱে অব্যাহত CAAৰ বিৰোধী প্ৰতিবাদ

CAA বাতিলৰ দাবীত অব্যাহত ধাৰাবাহিক প্ৰতিবাদ ৷ ডুমডুমাত বিশাল সংকল্প সমাৰোহ আয়োজন ৷ বৰপেটাতো আজি জাতিধ্বংসী অভিহিত আইনখনৰ বিৰুদ্ধে আয়োজন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ পিচ পৰি নাথাকিল বটদ্ৰৱাও ৷ মংগলদৈতো দৰং জিলা সাহিত্য সভা, সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত 'দৰঙী ধ্বনি' কাৰ্যসূচী ৷ নাকেৰে SAVE ASSAM শীৰ্ষক তৈলচিত্ৰ অংকণ কৰি প্ৰতিবাদ সাব্যস্ত গুৱাহাটীত ৷ সমান্তৰালভাৱে হোজাইতো দেখিবলৈ পোৱা CAA বাতিলৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ৷ CAA বিৰুদ্ধে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ আহ্বানত তিনি ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী আয়োজন নলবাৰীত ৷

author img

By

Published : Dec 22, 2019, 7:37 PM IST

বাতিলৰ দাবীত প্ৰতিবাদ
বাতিলৰ দাবীত প্ৰতিবাদ

নিউজ ডেস্ক, 22 ডিচেম্বৰ: CAA বাতিলৰ দাবীত ডুমডুমাত বিশাল সংকল্প সমাৰোহ আয়োজন কৰা হয় ৷ বিশাল সংকল্প সমাৰোহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই উপস্থিত থাকি ৰাজ্য চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰি মিছাৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰে । লগতে কেবিনেটত ঘোষণা কৰা অনুসৰি সকলো ক্ষমতা প্ৰদান কৰিলেও অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন মানি নলয় বুলি স্পষ্ট কৰি দিয়ে ।

এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা ৷ তেওঁৰ মতে, CAA বিৰোধী আন্দোলন দেখি চৰকাৰ সংকিত হৈছে আৰু কেবিনেটে লোৱা সিদ্ধান্ত এক আভুৱা ভৰা সিদ্ধান্ত ৷

হাজাৰ-হাজাৰ ৰাইজৰ উপস্থিতিত ডুমডুমা খেলপথাৰত অনুষ্ঠিত এই বিশাল সমাৰোহত গীত-কবিতাৰে CAAৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে ৷

ডুমডুমাত বিশাল সংকল্প সমাৰোহ

বৰপেটা: বৰপেটাতো আজি জাতিধ্বংসী অভিহিত আইনখনৰ বিৰুদ্ধে আয়োজন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আজি সত্ৰনগৰীৰ নাৰীসমাজে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে কেবিনেটে লোৱা সিদ্ধান্ত সম্পৰ্কেও মত প্ৰকাশ কৰে ৷ তেওঁলোকে কেবিনেটৰ সিদ্ধান্তক প্ৰথমে গুলীবিদ্ধ কৰি তাৰ পিচত বুলেটপ্ৰুফ পিন্ধাব বিচৰা বুলি অভিহিত কৰে ৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্মান সহকাৰে ডিঙিত লৈ থকা বুলি কোৱা গামোছাখন অসমীয়াক ওভতাই দিবলৈ আহ্বান জনালে ৷

বৰপেটাতো জাতিধ্বংসী অভিহিত আইনখনৰ বিৰুদ্ধে আয়োজন প্ৰতিবাদী কাৰ্যসূচী

বটদ্ৰৱা: পিচ পৰি নাথাকিল বটদ্ৰৱাও ৷ দেওবাৰে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থান প্ৰাংগণত ৰূপায়ণ কৰা হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিলে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীসহ বটদ্ৰৱাৰ একাংশ ৰাইজে ৷

চৰকাৰৰ সুমতি বিচাৰি মহাপুৰুষ গুৰু দুজনাৰ ৰচিত ঘোষা আৰু ভূপেন হাজৰিকাৰ চিৰযুগমীয়া গীত গাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

পিচ পৰি নাথাকিল বটদ্ৰৱাও

দৰং: মংগলদৈতো দৰং জিলা সাহিত্য সভা, সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত 'দৰঙী ধ্বনি' কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মংগলদৈ গান্ধী ময়দানত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট সাংবাদিক অদীপ ফুকন, আছুৰ কেন্দ্ৰীয় নেতৃত্ব আৰু শতাধিক সচেতন লোকে অংশগ্ৰহণ কৰে ৷

মংগলদৈত আয়োজন 'দৰঙী ধ্বনি'

গুৱাহাটী: নাকেৰে SAVE ASSAM শীৰ্ষক তৈলচিত্ৰ অংকণ কৰি প্ৰতিবাদ সাব্যস্ত গুৱাহাটীত ৷ Five G Plus নামৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নাসিক চিত্ৰকাৰ শিৰোমণি দলেয়ে SAVE ASSAM তৈলচিত্ৰ অংকণ কৰি CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাকেৰে SAVE ASSAM শীৰ্ষক তৈলচিত্ৰ অংকণ কৰি প্ৰতিবাদ সাব্যস্ত গুৱাহাটীত

হোজাই: সমান্তৰালভাৱে হোজাইতো দেখিবলৈ পোৱা CAA বাতিলৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ৷ CITU আৰু AITUC ৰ যৌথ উদ্যোগত শতাধিক সদস্যই হোজাইৰ বিহুতলী ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি বিভিন্ন ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

হোজাইতো দেখিবলৈ পোৱা CAA বাতিলৰ দাবীত প্ৰতিবাদ

নলবাৰী: CAA বিৰুদ্ধে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ আহ্বানত তিনি ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী আয়োজন নলবাৰীৰ ঘগ্ৰাপাৰত ৷ CAA আৰু চৰকাৰ বিভিন্ন বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত সচেতন লোকৰ ৷

তিনি ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী আয়োজন নলবাৰীত

লগতে পঢ়ক: 'CAA' ৰ বেপাৰটোক লৈ কোনেও চিন্তা কৰিব নালাগে !

Intro:Date: 22-12-2019

Slug: "কা" বাতিলৰ দাবীত ডুমডুমাত বিশাল সংকল্প সমাৰোহ ।

V/O: ডুমডুমা অঞ্চলৰ সমূহ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আৰু বৃহত্তৰ ডুমডুমা বাসী ৰাইজৰ সহযোগত জাতিধংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীত বিশাল সংকল্প সমাৰোহ আয়োজন কৰা হ'য় । এই বিশাল সংকল্প সমাৰোহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই উপস্থিত থাকি ৰাজ্য চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰি মিছাৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰে । ইফালে, কেবিনেটত ঘোষণা কৰি যি ক্ষমতাই প্ৰদান কৰিলেও অসমৰ ৰাইজে নাগৰিকত্ব (সংশোধনী) আইন মানি নলয় বুলি কয় । অন্যহাতে আজিৰ এই সংকল্প সমাৰোহত উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা তথা প্ৰৱজন বিৰুধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কয় যে, "কা" বিৰুধী আন্দোলন দেখি চৰকাৰ সংকিত হৈছে । কেবিনেটে লোৱা সিধান্তও এক আভোৱা ভৰা সিধান্ত বুলি তেওঁ উল্লেখ কৰে । ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত এই বিশাল সংকল্প সমাৰোহত বিভিন্ন গীত-কবিতাৰে "কা" বিৰুধ কৰা পৰিলক্ষিত হ'য় । সমাৰোহত আছু, যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি বহুকেইটা জাতীয়-জনগেষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ লগতে হাজাৰ হাজাৰ পুৰুষ-মহিলা উপস্থিত থাকি জাতিধংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবী কৰে ।

Byte: পলাশ চাংমাই, সাধাৰণ সম্পাদক, AJYCP.

Byte: উপমন্যু হাজৰীকা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 22-12-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.