ETV Bharat / state

NDA Meets in Tinsukia: ৰেচন কাৰ্ড, অৰুণোদয় আৰু নিবনুৱা যুৱকৰ বাবে বিশেষ পেকেজ লৈ লোকসভা নিৰ্বাচনলৈ সাজু NDA - financial assistance to unemployed youth in Assam

তিনিচুকীয়াত NDAৰ মিত্ৰজোঁট দলৰ মত বিনিময় অনুষ্ঠান ৷ লোকসভা, পঞ্চায়ত নিৰ্বাচন আৰু ৰাজ্যৰ কেইখনো আঁচনিৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ‘‘দুই লাখ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাবে লোৱা হ’ব বিশেষ আঁচনি ৷ ৮ লাখ লোকক অৰুণোদয় আঁচনি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷’’ এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

NDA Meets in Tinsukia
ৰুণোদয় আৰু নিবনুৱা যুকৰ বাবে বিশেষ পেকেজেৰে লোকসভা নিৰ্বাচনলৈ সাজু NDA
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 8:32 AM IST

ৰুণোদয় আৰু নিবনুৱা যুকৰ বাবে বিশেষ পেকেজেৰে লোকসভা নিৰ্বাচনলৈ সাজু NDA

তিনিচুকীয়া, 3 ছেপ্টেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত NDAৰ মিত্ৰজোঁট দলৰ মত বিনিময় অনুষ্ঠান ৷ শনিবাৰে তিনিচুকীয়াৰ কনভেনচন চেন্টাৰত অনুষ্ঠিত হয় এই মতবিনিময় অনুষ্ঠান ৷ এই মতবিনিময়ৰ পাচতে সংবাদমধ্যমৰ আগত আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন, ৰাজ্যৰ কেইবাটাও আঁচনি আৰু নিবনুৱা যুৱক-যুৱতীৰ সন্দৰ্ভত লোৱা কেতবোৰ পদক্ষেপৰ লগেত কেইবাটাও বিষয়ৰ সন্দৰ্ভত মত বিনিময়ৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কেনেকৈ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ পৰা কেনেদৰে নৰেন্দ্ৰ মোডীক অধিক আসন উপহাৰ দিব পাৰো তাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ৷ নিৰ্বাচনত আমি পূৰ্বতকৈ যথেষ্ট বেছি আসন দিবলৈ সক্ষম হ’ম ৷ এই ক্ষেত্ৰত যাতে NDA মিত্ৰজোঁটৰ দলে কেনে দৰে কাম কৰিব লাগিব সেই বিষয়ে আলোচনা কৰা হয় ৷ আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত অতি সোনকালে পঞ্চায়তীৰাজ বিল সংশোধন কৰাৰ উপস্থাপন কৰা হ’ব ৷’’

‘‘এক লাখ চাকৰিৰ প্ৰদানৰ পাচত দুই লাখ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাবে লোৱা হ’ব বিশেষ আঁচনি ৷ যাতে নিবনুৱা যুৱকসকলে স্বাৱলম্বিতাৰ পথ মুকলি কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আৰ্থিক সহায় কৰা হ’ব ৷ আমি শীঘ্ৰে এই কাম আৰম্ভ কৰিম ৷ কেনে দৰে সফল হ’ব পাৰি তাৰ সন্দৰ্ভত কৰা হয় আলোচনা ৷ আনহাতে ডিচেম্বৰ মাহৰ ভিতৰত আমি ৪০ লাখ লোকক ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য স্থিৰ কৰিছো । ৮ লাখ লোকক অৰুণোদয় আঁচনি প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে । ৰাজ্যত ২৫০ খন নতুনকৈ উন্নত পয্যায়ৰ বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছো ৷ প্ৰতিটো সমষ্টিত ৪০-৪৩ খন নতুনকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হ’ব । গাঁৱে গাঁৱে ক্ৰীড়া মহাৰণ, সাংস্কৃতিক মহাৰণ আয়োজন কৰা হ’ব ৷ বিশ্ব বেংকৰ পুঁজিৰে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ কৰা হ’ব কেইবাখনো দলং ৷’’ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ইফালে বাল্য বিবাহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ইতিমধ্যে আমি বহুবিৱাহ বন্ধ কৰাৰ বিষয়ে সকলো পৰামৰ্শ গ্ৰহণ কৰা হৈছে আৰু অতি সোনকালে বহুবিৱাহ আইন সংশোধন কৰি বন্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব যি এক বৃহৎ সমস্যাৰ সমাধান হ’ব ৷

লগতে পঢ়ক:NDA meets in Tinsukia : তিনিচুকীয়াত লোকসভা নিৰ্বাচনৰ ৰণকৌশল বৈঠক এনডিএৰ ! উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.