তিনিচুকীয়া, 1 জুন : যোৱা ২৮ মে' তাৰিখে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত চ'তা হাপজানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ছাত্ৰ সংগঠনৰ এজন নেতাৰ বিৰুদ্ধে স্বামী নথকাৰ অৱস্থাত ঘৰত সোমাই এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
অভিযোগ অনুসৰি আটছাৰ মাকুম শাখা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক চনু পাণিকা নামৰ ছাত্ৰ নেতাজনে চ'তা হাপজানৰ নিবাসী মহেশ তাঁতীৰ পত্নীক যোৱা ২৮ মে' তাৰিখে ধৰ্ষণ কৰে । মহিলা গৰাকীৰ স্বামী ঘৰত নথকা অৱস্থাত যুৱকজনে মুখত সোপা দি মহিলা গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
পৰৱৰ্তী সময়ত ঘটনা সম্পৰ্কে মহিলা গৰাকীৰ স্বামীয়ে অৱগত হোৱাৰ পাছতেই মাকুম আৰক্ষী প্ৰশাসনৰ কাষ চাপে আৰু যুৱকজনৰ বিৰুদ্ধে মাকুম আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখ্য যে, ঘটনাৰ পাছতে ধৰ্ষণকাৰী চনু পাণিকাই ৰাজহুৱাকৈ ক্ষমা খুজিব বুলি এখন পত্ৰযোগে পৰিয়ালৰ লগতে সংগঠনক জানিবলৈ দিয়ে । কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি জনোৱা হোৱা নাই বুলি জনায় সংগঠনটোৱে ।
ইফালে এচিএমএছ আৰু আছাৰ বিষয়-ববীয়াই উক্ত ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় । আনহাতে, বিগত ২৮ মে' তাৰিখে হোৱা ঘটনাটো ৩০ মে' তাৰিখে ধৰ্ষিতা মহিলা গৰাকীক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাই । ছাত্ৰ সংগঠনৰ নেতা হোৱাৰ বাবে ঘটনা সম্পৰ্কে আৰক্ষীয়ে নাীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থাই ।
লগতে পঢ়ক: আজি বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ডিএছপি যতীন দাসক