তিনিচুকীয়া, 21 মেঃ দিহিং পাটকাইৰ কয়লা খননৰ বাবে প্ৰস্তাৱিত এলেকা চালেকি বস্তি পৰিদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । বৃহস্পতিবাৰে এই অঞ্চল পৰিদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পলাশজ্যোতি চাংমাইৰ লগতে প্ৰায় অৰ্ধ শতাধিক সদস্যই ।
প্ৰস্তাৱিত ভূমিত উপস্থিত হৈ প্ৰায় অৰ্ধশতাধিক সদস্যই পাটকাই পাহাৰ সুৰক্ষাৰ বাবে বিভিন্ন লেখা তথা ফেষ্টুন লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অৱস্থিত এই চালেকি বস্তিত শেহতীয়াকৈ ৯৮.৫৯০ হেক্টৰ চিৰ সেউজীয়া পাহাৰ ভূমি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাক খননৰ কৰ্তৃত্ব প্ৰদান কৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে অসমৰ বৌদ্ধিক সমাজ । চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই ।