ETV Bharat / state

তিনিচুকীয়াত অখিল গগৈৰ মুক্তিৰ দাবীত অব্যাহত প্ৰতিবাদ

author img

By

Published : Aug 3, 2020, 8:55 PM IST

অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ কোভিড 19য়ে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আন্দোলন স্থৱিৰ কৰা হৈছিল যদিও জাতি ৰক্ষাৰ স্বাৰ্থত এই আন্দোলন পুনৰ আৰম্ভ কৰাৰ হুংকাৰ ৷

AJYCP Protest demanding immediate release of akhil gogoi in tinisukia
তিনিচুকীয়াত অব্যাহত অখিল গগৈৰ মুক্তিৰ দাবী

তিনিচুকীয়া , 3 আগষ্টঃ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত আছে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷ সোমবাৰেও তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সংগঠনটোৰ বৰডুবি আঞ্চলিক সমিতিৰ উদ্যোগত কৃষক নেতা গৰাকীৰ মুক্তি তথা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে পালন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷

কা বাতিলৰ দাবীত পুনৰ ৰাজপথত যুৱ ছাত্ৰ পৰিষদ

প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৰ নেতৃত্বই চৰকাৰক সকীয়নি প্ৰদান কৰি কয় যে, কোভিড 19য়ে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আন্দোলন স্থৱিৰ কৰা হৈছিল যদিও জাতি ৰক্ষাৰ স্বাৰ্থত এই আন্দোলন পুনৰ আৰম্ভ কৰা হৈছে আৰু ভৱিষ্যতেও জংগী ৰূপত এই আন্দোলন চলাই যোৱা হ’ব ৷ অতিশীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে 8 মাহৰো অধিক সময় কাৰাৰুদ্ধ কৰি ৰখা কৃষকনেতা অখিল গগৈক মুকলি কৰি দিবলৈ দাবী জনায় সংগঠনটোৱে ৷

লগতে পঢ়কঃকোৱাৰেন্টাইন পৰিয়ালৰ খেতিৰ দায়িত্ব ল'লে গাঁওবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.