তিনিচুকীয়া, ৩ এপ্ৰিল: অসম চৰকাৰৰ টোলগেট কৰ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, বিদ্যুৎ মাচুলকে ধৰি নিত্য ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে (Price hike of Essential Commodities) । এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়েও তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টোলগেট কৰ, জীৱনদায়িনী ঔষধ, বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত অসম চৰকাৰৰ বিৰুদ্ধে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest in Tinsukia)৷
এই অৱস্থান ধৰ্মঘটৰ সময়ত প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, বিজেপি হায় হায়, জীৱনদায়িনী ঔষধৰ মূল্য ৰোধ কৰক, টোল গেটৰ কৰ হ্ৰাস কৰক আদি বিভিন্ন শ্ল'গানেৰে জিলা উপায়ুক্তৰ কাযালয় উত্তাল কৰে (Price hike in Assam)৷ উক্ত ধৰ্ণা কাৰ্যসূচীৰ সময়তেই সংগঠনটোৰ নেতৃবৃন্দই ৰাজ্য চৰকাৰ এনেধৰণৰ সিদ্ধান্ত যদি বাতিল নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত আন্দোলন ইয়াতকৈও অধিক তীব্রতৰ কৰিব বুলি হুংকাৰ দিয়ে ।
লগতে জিলা উপায়ুক্তৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সোণমণি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে (AJYCP protest in Tinsukia)। স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি, শেহতীয়াভাৱে চৰকাৰে বিভিন্ন অত্যাৱশকীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী ৩৮৪ বিধ ঔষধৰ মূল্যৰ উপৰি বিদ্যুত মাচুল আৰু টোল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।
কভিডোত্তৰ কালতো ৰাজ্যৰ বিধস্ত অর্থনৈতিক অৱস্থা আৰু সৰ্বস্বান্ত জনগণৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন নকৰি চৰকাৰে বিভিন্ন শিতানত কৰ বৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰে। সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ এনে জনস্বাৰ্থ বিৰোধী সিদ্ধান্তক তীব্ৰ বিৰোধিতা জনাই সোমবাৰে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মর্মে তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ।