ETV Bharat / state

Ahom sabha press conference:সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ তিনিচুকীয়াত আহোম সভাৰ সংবাদমেল - সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ তিনিচুকীয়াত আহোম সভাৰ সংবাদমেল ৷ আহোমক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি ৷

ahom sabha press conference regarding constituency delimitation
তিনিচুকীয়াত আহোম সভাৰ সংবাদমেল
author img

By

Published : Aug 21, 2023, 7:26 PM IST

তিনিচুকীয়াত আহোম সভাৰ সংবাদমেল

তিনিচুকীয়া, ২১ আগষ্ট : সোমবাৰে তিনিচুকীয়াৰ হোটেল ময়ূৰজ্যোতিত সদৌ অসম আহোম সভাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এই প্ৰক্ৰিয়াই খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিব বুলি উল্লেখ কৰে সংবাদমেলত । লগতে উল্লেখ কৰে যে, বিজেপি চৰকাৰৰ পৰিকল্পনাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷

আহোমক নি:শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে । অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰা চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় । কিন্তু খিলঞ্জীয়া কোন ? খিলঞ্জীয়াৰ সংজ্ঞা কি ? তিনিচুকীয়া জিলাৰ সমষ্টিৰ সংখ্যা বাঢ়িছে । কিন্তু কিছুমান অঞ্চল থলগিৰিৰ হাতৰ পৰা ওলাই গ’ল । ডিব্ৰুগড়ৰ লাহোৱাল, শিৱসাগৰৰ আমগুৰি সমষ্টি বিলুপ্তি ঘটাই থলগিৰিক নি:শেষ কৰা হ’ল । অধিকাংশ সমষ্টি আহোমৰ পৰা কৰ্তন কৰা হ’ল ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ‌ জৰিয়তে চৰকাৰে আহোমক শেষ কৰিব লৈছে । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ মন্তব্যকলৈও আহোম সভাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । একেদৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈকো ধ্বংস কৰাৰ ষড়যন্ত্ৰৰে নতুনকৈ কাজিৰঙা সমষ্টি নামেৰে নামাকৰণ কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে সভাই। এনে ষড়যন্ত্ৰৰে অসমত গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে । কিন্তু আহোমক অসমত নি:শেষ কৰাৰ ষড়যন্ত্ৰ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি সংবাদমেলৰ জৰিয়তে বিজেপি চৰকাৰলৈ আহোম সভাই সকীয়নি প্ৰদান কৰে ।

সংবাদমেলখনত সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰৰ লগতে উপ সভাপতি, সাংগঠনিক সম্পাদককে আদি কৰি জিলা আৰু আঞ্চলিক সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : Aam Admi Party: অসম ৰাজ্যিক আপ সমিতিৰ 9 গৰাকী সদস্যৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.