ETV Bharat / state

ধলাৰ সেউজী পামত উপস্থিত মন্ত্ৰী অতুল বৰা

author img

By

Published : Jul 23, 2021, 8:08 PM IST

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে ধলাৰ বিচনীমূখ অঞ্চলৰ "সেউজী পাম" নামৰ কৃষি পামত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora) ৷ কৃষি পামখন পৰিদৰ্শন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

agriculture-minister-atul-borah-visited-seuji-paam-agricultural-field
ধলাৰ সেউজী কৃষি পামত উপস্থিত মন্ত্ৰী অতুল বৰা

শদিয়া, 23 জুলাই : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলাৰ বিচনীমুখ অঞ্চলৰ "সেউজী পাম" (seuji paam) নামৰ কৃষি পামত উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora) ৷ তিনিচুকীয়া জিলাৰ চাৰিজনকৈ যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই পামখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অসমীয়া যুৱকেইজনৰ এনে প্ৰচেষ্টাক শলাগ লয় ৷ সমান্তৰালকৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৃষিৰ জৰিয়তে দেশৰ নিবনুৱা সকলৰ স্বাৱলম্বিতাৰ বাবে যি সপোন দেখিছে সেইয়া 2022 চনৰ ভিতৰত সাৰ্থক হ'ব বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে, মাত্ৰ কেইবাবিঘা মাটিৰ পামখনত অসমীয়া নেমু, হালধি, মৰাণ আদা ইত্যাদি খেতি কৰি অহা যুৱককেইজনক চৰকাৰী আঁচনিৰ জৰিয়তে সহযোগিতা কৰাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ এই সেউজী পামখনত উৎপাদিত নেমু লণ্ডনলৈও ব্যৱসায় সূত্ৰে প্ৰেৰণ কৰাৰ কথা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ মন্ত্ৰী গৰাকীয়ে পামখন পৰিদৰ্শন কৰাৰ সময়ত তেঁওৰ সৈতে উপস্থিত থাকে জিলা প্ৰশাসনৰ বিষয়ববীয়া সকল ৷

ধলাৰ সেউজী পামত উপস্থিত মন্ত্ৰী অতুল বৰা

অসমীয়া থলুৱা কৃষিৰে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা এই যুৱক কেইজনক সকলোৱে উৎসাহিত কৰিব লাগে বুলিয় মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷

যদি সঁচাকৈয়ে যুৱককেইজনে উৎপাদন কৰা ফচল লণ্ডনলৈ পঠোৱাৰ ব্যৱস্থা কৰে তেনেহলে এইয়া নিশ্চিতভাৱে যুৱপ্ৰজন্মক খেতিৰ প্ৰতি আকৃষ্ট কৰা আন এক প্ৰশংসনীয় পদক্ষেপ হ'ব ৷ মন কৰিবলগীয়া যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে লক-ডাউন বলৱৎ হোৱাত বিগত দুটা বছৰে বেয়াকৈ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ খেতিয়ক সকল ৷ ইয়াৰ মাজতো কৃষি পামখনৰ যুৱক কেইজনে খেতি পথাৰত নিৰিবিছিন্নভাৱে মনোনিৱেশ কৰি আছে ৷

ইফালে খেতিৰপথাৰত কৃষকসকলক সাহস দিয়াৰ বাবে শেহতীয়াকৈ ৰাজ্যৰ কেইবাখনো পথাৰত ভিন্ন ৰূপত দেখিবলৈ পোৱা গৈছে কৃষিমন্ত্ৰী অতুল বৰাক (Atul Bora) ৷ কেতিয়াবা যদি পথাৰত টেক্টৰ চলাইছে কেতিয়াবা আকৌ কঠিয়া পৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছিল মন্ত্ৰী গৰাকীক ৷

লগতে পঢ়কঃ ওদালগুৰিক লৈ বিজেপিৰ নতুন সমীকৰণ : গেৰুৱা হ’ব ৰিহণ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.