ETV Bharat / state

বৰ্ষীয়ান আলফা নেতা লেঃ কৰ্ণেল মন্টু অসমৰ আত্মসমৰ্পণ

author img

By

Published : Jul 13, 2020, 2:13 AM IST

Updated : Jul 13, 2020, 2:46 AM IST

শনিবাৰে অৰুণাচলৰ লাজুত ৬নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ স্বাধীন গোটৰ জ্যেষ্ঠ নেতা লেঃ কৰ্ণেল বিজয় দাস ওৰফে ভদ্ৰেশ্বৰ দাস ওৰফে মন্টু অসমে ৷ ১৯৮৯ চনতে আলফাত যোগদান কৰা বৰ্ষীয়ান নেতা গৰাকীয়ে ৷

lieutenant colonel Montu Asom surrendered

তিনিচুকীয়া,12 জুলাই : আলফা স্বাধীনত মোক্ষম আঘাত ৷ সংগঠন এৰিলে এগৰাকী জ্যেষ্ঠ সদস্যই ৷ শনিবাৰে অৰুণাচলৰ লাজুত ৬নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ স্বাধীন গোটৰ জ্যেষ্ঠ নেতা লেঃ কৰ্ণেল বিজয় দাস ওৰফে ভদ্ৰেশ্বৰ দাস ওৰফে মন্টু অসমে ৷ ১৯৮৯ চনতে আলফাত যোগদান কৰা বৰ্ষীয়ান নেতা গৰাকীয়ে বিদ্ৰোহী সংগঠনটোৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

মন্টু অসমে কি কাৰণত আত্মসমৰ্পণ কৰিলে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ আত্মসমৰ্পণৰ সময়ত নেতাগৰাকীয়ে কোনো অস্ত্ৰ সস্ত্ৰ জমা দিয়া নাই বুলি জানিব পৰা গৈছে ৷ বিদ্ৰোহী নেতাগৰাকীৰ ঘৰ অসমৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰত ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ খুনচাত ৬ নং অসম ৰাইফলচৰ সংবাদমেল

Last Updated : Jul 13, 2020, 2:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.