ETV Bharat / state

বাঘজানবাসীক উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

author img

By

Published : Sep 2, 2022, 6:27 PM IST

শুকুৰবাৰে তিনিচুকীয়াস্থিত বিষ্ণু-জ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু পৰিৱেশকৰ্মীৰ যৌথ সহযোগত এক সংবাদমেলৰ ৷ এই সংবাদমেলত বাঘজান কাণ্ডৰ (Baghjan fire incident) ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰসংগত আলোচনা কৰা হয় ৷

Baghjan fire incident
বাঘজানবাসীক উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

তিনিচুকীয়া, 2 ছেপ্টেম্বৰ : বাঘজানবাসী ৰাইজক উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই (Deprived of due compensation of Baghjan People)। এই কথা প্ৰতীয়মান হৈছে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ জৰিয়তে । শুকুৰবাৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু পৰিৱেশকৰ্মীৰ যৌথ সহযোগত তিনিচুকীয়াস্থিত বিষ্ণু-জ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেলত এই তথ্য সদৰী কৰা হয় ।

বাঘজান BGN 5 ত যোৱা ইং 28 আগষ্ট তাৰিখে Eco restoration ৰ নামত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত যি কাণ্ড সংঘটিত হ’ল, সেই লৈ লজ্জিত বাঘজানবাসী ৷ কিয়নো অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে চকু মুদা কুলিৰ দৰে এটা প্ৰদূষণযুক্ত এলেকাত গছ পুলি ৰোপণ কৰি তেওঁলোকৰ ভেঙুচালি পুনৰবাৰ উদঙাই দিছে ৷

এই অভিযোগ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু পৰিৱেশকৰ্মীৰ ৷

উক্ত সংবাদমেলতে তেওঁলোকে কয়, ‘‘আমি গছপুলি ৰোপণৰ বিৰোধী নহয় ৷ হয়তো কোনো বিৰোধী হ’ব নোৱাৰে । কিন্তু বাঘজান BGN-5 ৰ নিচেই কাষতে মাগুৰি বিলত আন এটা নতুনকৈ তৈল কূপ স্থাপনৰ কাম পূৰ্ণগতিত চলি আছে । তেনে এক পৰিস্থিতিত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰায় 35 হাজাৰ গছপুলি মাৰি পেলোৱাটো আমি সহজে গ্ৰহণ কৰিব নোৱাৰো’’ ।

লগতে পঢ়ক : দুলীয়াজানৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত গেছ আৰু খাৰুৱাতেল

লগতে কয়, ‘‘Bird flying Zone হিচাপে থকা উক্ত এলেকাত খনন কাৰ্য কৰিবলৈ যোৱাটো কিমান যুক্তিসংগত সেয়া আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো । কাৰণ মাগুৰি বিলৰ নিচেই কাষত উক্ত খনন কাৰ্য হোৱাৰ লগে লগে মাগুৰি বিল নিঃশেষ যে হ’ব ৷ সেয়া কিন্তু নিশ্চিত । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দৰে এটা দায়িত্বশীল অনুষ্ঠানে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নাকৰ আগত এনে দৰে অবৈধ কাম কাজ কৰি যোৱাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অসমৰ পৰিৱেশ তন্ত্ৰৰ বাবে অত্যন্ত ভয়াবহ আৰু অশনি সংকেত’’ ৷

গতিকে উক্ত অবৈধ কাম কাজ তৎকালে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু পৰিৱেশ কৰ্মীয়ে ৷ লগতে ডিব্ৰু-ছৈখোৱা, মাগুৰি বিল, ডিব্ৰু-ডাঙৰী নদী, বাঘজানৰ আবাসস্থলীসমূহ ৰক্ষা কৰিবলৈ উক্ত সংবাদমেল যোগে আহ্বান জনাই বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু পৰিৱেশকৰ্মীসকলে ।

উল্লেখ্য যে, 27 মে’ 2020 ত বাঘজান BGN 5 ত সংঘটিত হৈছিল বাঘজান কাণ্ড (Baghjan fire incident) ৷ কিন্তু এই বাঘজান কাণ্ডৰ ক্ষতিপূৰণৰ বিষয়টো আজি দুটা বৰ্ষৰ পাচতো নিষ্পত্তি নহ’ল । এয়া অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই । আনহাতে, বিগত 2021 ৰ 24 জুলাই তাৰিখে বাঘজানবাসী ৰাইজে কৰা আন্দোলনক প্ৰশাসনে বে-আইনী সজাই বাঘজানবাসীৰ ওপৰত যি অত্যাচাৰ তথা গুলী বৰ্ষণ, লাঠী চার্জ বা গ্ৰেপ্তাৰ কৰিছিল, সেয়া ন্যায়সংগত নহয় ।

লগতে পঢ়ক : জন এনাৰ্জীক খননৰ ঠিকা : আদালতত উত্তৰহীন অইল কৰ্তৃপক্ষ

বাঘজানবাসীৰ ৰাইজৰ আন্দোলন সম্পূৰ্ণ ন্যায্য আছিল । এই কথা বৃহস্পতিবাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা অন্তৰৱৰ্তীকালীন ৰায়ে প্ৰতীয়মান কৰিছে বুলি সংবাদমেল যোগে সদৰী কৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই । ইফালে বাঘজানবাসী ৰাইজে আজি দুটা বছৰৰ পাচতো ক্ষতিপূৰণ লাভ নকৰাৰ মূলতে ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত কৰাৰ কৌশল ৰচনা হৈছিল ।

সেয়া বাঘজানবাসীয়ে বুজি উঠিছিল আৰু পৰৱৰ্তী সময়ত বাঘজান কাণ্ডৰ ফলত হোৱা উচিত ক্ষতিপূৰণৰ ওপৰত বাঘজানবাসী ৰাইজৰ সহযোগত মহামান্য উচ্চতম ন্যায়ালয়ত IA Petition দাখিল কৰা হৈছিল । এই কথা বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত হোৱা ৰায়দানে প্ৰতীয়মান কৰিছে বুলি উল্লেখ কৰে পৰিৱেস কৰ্মীসকলে ৷

গতিকে মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই জিলা প্ৰশাসন, অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে তাৎক্ষণিকভাৱে বাঘজানবাসী ৰাইজক দিব লগা ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেল যোগে আহ্বান জনাই বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু পৰিৱেশকৰ্মীয়ে ৷

লগতে পৰিৱেশকৰ্মী নিৰন্ত গোহাঁইয়ে বাঘজান কাণ্ডৰ ফলত হোৱা নতুন ৰঙাগড়া গাঁৱৰ গাঁওবাসী ৰাইজৰ ওপৰতো কেতবোৰ মন্তব্য আগবঢ়াই আৰু আইনী প্ৰক্ৰিয়া লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত উক্ত সংবাদমেলত উপস্থিত থাকে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সভাপতি অন্নজিৎ হাজৰিকা, সম্পাদক পাপুল গগৈ, উপদেষ্টা মনোজ হাজৰিকা, হেমন্ত মৰাণ, কমল বৰুৱা, ধমেন মৰাণ, উপ-সভাপতি জিন্টু হাজৰিকা আৰু পৰিৱেশকৰ্মী নিৰন্ত গোহাঁইকে ধৰি যুৱ সংঘৰ বহু কেইগৰাকী সদস্য ।

লগতে পঢ়ক : বাইছুং ভূটীয়াক পৰাস্ত কৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতিৰ আসনত কল্যাণ চৌবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.