ETV Bharat / state

বাঘজানত পুনৰ দুৰ্ঘটনা : তৈলক্ষেত্ৰত বিস্ফোৰণত আহত তিনি বিশেষজ্ঞ

author img

By

Published : Jul 22, 2020, 3:09 PM IST

Updated : Jul 22, 2020, 3:54 PM IST

বাঘজান তৈলক্ষেত্ৰত পুনৰ সংঘটিত হৈছে দুৰ্ঘটনা ৷ আঘাতপ্ৰাপ্ত তিনিজন বিদেশী বিশেষজ্ঞ ৷

তৈলখাদত বিস্ফোৰণত আহত তিনি
বাঘজানত পুনৰ দুৰ্ঘটনা : তৈলখাদত বিস্ফোৰণত আহত তিনি বিশেষজ্ঞ

তিনিচুকীয়া, 22 জুলাই : বাঘজান তৈলক্ষেত্ৰত পুনৰ সংঘটিত হৈছে দুৰ্ঘটনা ৷ তৈলখাদত বিস্ফোৰণৰ সংঘটিত হোৱাৰ ফলত কৰ্মৰত তিনিজন বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছে ৷

বাঘজানত পুনৰ দুৰ্ঘটনা

কাম কৰি থকা অবস্থাত পাইপ বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত হৈছে 'মেচাৰ্চ এলাৰ্ট' নামৰ কানাডিয়ান কোম্পানীৰ তিনিজন বিষয়া । বিষয়া তিনিজন হৈছে এন্থনী ষ্টেভেন ৰেনল্ড, ডওগ দালাচ আৰু ক্ৰেগ নিল ডুনকান । আঘাতপ্ৰাপ্ত তিনিজনকে ডিব্ৰুগড়ৰ ব্যক্তিগত আস্থা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও এজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

বাঘজানত পুনৰ দূৰ্ঘটনা

উল্লেখ্য যে, 27 মে'ৰ দিনা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত অৱস্থিত বাঘজান তৈলখাদত তেল নিৰ্গমণ হৈছিল ৷ 9 জুনত সেই স্থানতে বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ ইয়াৰ ফলত OIL ৰ দুজনকৈ কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাৰ লগতে বহু লোকৰ বাসগৃহ জ্বলি ভস্মীভূত হৈছিল ৷ আনহাতে, বহু পশুধনেও প্ৰাণ হেৰুৱাইছিল ৷

লগতে পঢ়ক : বাঢ়নি পানীত 3 কিল'মিটাৰ উটি গ'ল যাদৱ পায়েং

Last Updated : Jul 22, 2020, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.