তিনিচুকীয়া, 16 মে’: প্ৰায় এমাহৰ অন্তত মুক্তি পালে পেট্ৰ’ল পাম্পৰ অপহৃত কৰ্মচাৰী দীনেশ শৰ্মাই (Namsai Kidnapping Update)৷ যোৱা 26 এপ্ৰিলত নিশা প্ৰায় ৭.৫০ বজাত নামচাইৰ এটা তেল ডিপোৰ কৰ্মচাৰী (কেচিয়াৰ) বিহাৰৰ দীনেশ শৰ্মাক অপহৰণ কৰি লৈ গৈছিল এটা 3 জনীয়া অস্ত্ৰধাৰী দলে (Kidnapping at Arunachal) ৷ তাৰ পিচৰ পৰা কোনো শুংসূত্ৰ পোৱা নাছিল দীনেশ শৰ্মাৰ ৷ অপহৰণকাৰী দলটোৱে পেট্ৰ’ল ডিপোৰ মেনেজাৰৰ সন্মুখতে মালিকক 5 কোটি টকাৰ মুক্তিপণ দিবলৈ কৈ গৈছিল (kidnappers demand 5 crore) ৷
ইয়াৰ পিচতে আজি অৰ্থাৎ মঙলবাৰে অপহৰণকাৰীয়ে লোকজনক চৌখাম অঞ্চলত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে (Kidnapping at Namsai)। বৰ্তমান অৰুণাচল আৰক্ষীৰ জিম্মাত আছে দিনেশ শৰ্মা । লোকজনক আলফা -NSCN এ অপহৰণ কৰাৰ সন্দেহ কৰা হৈছিল (Abducted Employee Dinesh Sharma released) । এই ঘটনাৰ পিচত কোনো এটা বিদ্ৰোহী সংগঠনে অপহৰণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাছিল ৷ গতিকে আৰক্ষীয়ে পোনপটীয়াকৈ কোনো এটা সংগঠনক সন্দেহ কৰিব পৰা নাছিল ৷
পৰৱৰ্তী সময়ত নামচাই চৌখামৰ ভাৰত পেট্ৰ’লিয়ামৰ তেল ডিপোটোৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে গোপন কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি আৰম্ভ কৰিছিল তদন্ত। তাৰ সমান্তৰালভাৱে আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে বিভিন্ন স্থানত তালাচী স্থাপন কৰিছিল যাতে অপহৰণকাৰী দলটোৱে পলায়ন কৰিব নোৱাৰে, লগতে কাষৰীয়া ঘন বনাঞ্চল সমূহতো চলাইছিল অপহৰণকাৰী দলটোৰ বিৰুদ্ধে অভিযান ৷
আনহাতে, অপহৰণ কৰি খোজকাঢ়ি লৈ যোৱাৰ সময়ত জেড পি এমৰ বাহনৰ চালক মিঠাই মাৰাণ্ডীয়ে (28) অপহৰণকাৰীৰ ওপৰত ফ্লেছ লাইটৰ পোহৰ দিবলৈ চেষ্টা কৰাত তিনিটাকৈ গুলীচালনা কৰিছিল দলটোৱে, ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাৰাণ্ডী ৷ আহত মাৰাণ্ডীক সংকটজনক অৱস্থাত নিশাই নামচাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছি যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ যোৱা 2 মে’ত ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল মিঠাই মাৰাণ্ডীৰ ৷
উল্লেখ্য যে, এই চাঞ্চল্যকৰ অপহৰণকাণ্ডৰ দৃশ্য বন্দী হৈছিল পেট্ৰ’ল পাম্পটোৰ চিচিটিভি কেমেৰাত ৷ হাতত AK47 সদৃশ বন্দুক লৈ বুলেটপ্ৰুফ পৰিধান কৰি সম্পূৰ্ণ সুসজ্জিত হৈ আছিল তিনি অপহৰণকাৰী(CCTV footage of kidnapping) ৷ দীনেশ শৰ্মাক অপহৰণ কৰি খোজ কঢ়াই লৈ যোৱাৰ দৃশ্যও বন্দী হৈছিল কেমেৰাত (Namsai kidnaping case) ৷
লগতে পঢ়ক : Pollution in Goalpara: গোৱালপাৰাত কয়লাৰ বিষাক্ত ধোঁৱাই সৃষ্টি কৰিছে প্ৰদূষণ