ETV Bharat / state

ডুমডুমাত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস আয়োজনৰ বাবে ডুমডুমাত ৰাজহুৱা সভা, অভ্যৰ্থনা সমিতি গঠন ৷ এই উপলক্ষে ডুমডুমাত উপস্থিত হয় জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷

aasu-will-centrally-celebrate-silpi-divas-in-doomdooma
ডুমডুমাত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস
author img

By

Published : Oct 31, 2021, 7:25 PM IST

শদিয়া, 31 অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ এই বৰ্ষৰ কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠান তিনিচুকীয়া জিলাৰ ডুমডুমাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্য দেওবাৰে ডুমডুমাৰ ৰাজহুৱা খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

ডুমডুমাত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপ সভাপতি বিনয় ডুবে, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক মুনিন দুৱৰা, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাকে ধৰি ডুমডুমা অঞ্চলৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

এই ৰাজহুৱা সভাৰ সিদ্বান্ত অনুসৰি, বিশিষ্ট চিকিৎসক প্ৰণৱজ্যোতি ডেকাক সভাপতি, বিনয় ডুবে আৰু ৰাণা সোনাৰ যুটীয়া সম্পাদক আৰু অৰূপ ডেকাক বিত্ত সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ ইতিমধ্যে, জাতীয় সংগঠনটোৰ কেন্দ্ৰীয় শিল্পী দিৱস আয়োজনৰ দায়িত্ব লাভ কৰাৰ পিছত ডুমডুমা বাসীৰ মাজত উৎসাহ পৰিলক্ষিত কৰা হৈছে ৷

লগতে পঢ়ক : নাট মঞ্চস্থ কৰাক লৈ নিজৰ মাজতে মত-বিৰোধ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.