মাৰ্ঘেৰিটা, 23 জানুৱাৰীঃ মাৰ্ঘেৰিটাত বৃহস্পতিবাৰে আছুৱে ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা আঁতৰালে ইংৰাজী আৰু হিন্দী ভাষাৰ নামফলক ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ চৌদিশ উত্তাল হৈ থকাৰ সময়তে মাৰ্ঘেৰিটাত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহন কৰিলে এই পদক্ষেপ ৷ যি সকল ব্যৱসায়ী প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী বা অন্য ভাষাৰ নামফলক ব্যৱহাৰ হৈ আহিছিল সেই সকলোবোৰ নামফলক সংগঠনটোৱে ফালি পেলায় ৷ আছুৰ প্ৰায় অৰ্ধ শতাধিক নেতৃবৰ্গই মাৰ্ঘেৰিটা বজাৰৰ মাজ-মজিয়াত কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ইংৰাজীত লিখা নামফলক সমূহ আঁতৰাই দিয়ে ৷
উল্লেখ্য যে, সংগঠনটোৱে ব্যৱসায়ী সকললৈ "অসমীয়া ভাষা" ব্যৱহাৰ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু ব্যৱসায়ীসকলে সেই নিৰ্দেশনা অমান্য কৰা বাবেই সংগঠনটোৱে নিজাববীয়াকৈ এই পদক্ষেপ ল'বলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে ৷