ETV Bharat / state

বিজেপি চৰকাৰে পূৰণ নকৰিলে চাহ-জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি: আদিবাসী ছাত্ৰ সন্থা - সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল\

বিজেপি চৰকাৰে চাহ-জনগোষ্ঠীৰ লোক সকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগত তিনিচুকীয়াকে ধৰি ৰাজ্যৰ চাহ বাগিচা সমূহত বিজেপি দলক সম্পূৰ্ণ বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল
author img

By

Published : Mar 19, 2021, 8:27 AM IST

তিনিচুকীয়া, 19 মাৰ্চ: বৃহস্পতিবাৰে তিনিচুকীয়া সাংবাদিক চ’ৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলতেই বিগত বছৰসমূহত বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল, সেয়া সকলো ভূৱা বুলি মন্তব্য প্ৰদান কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ চাহ-জনগোষ্ঠীৰ লোক সকলৰ মজুৰি 351 টকালৈ বৃদ্ধি, ভূমি পট্টা প্ৰদান কৰা, জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰা ইত্যাদি দাবী সমূহ পূৰণত ৰাজ্যৰ বিজেপি শাসিত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সংবাদমেল

ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনে চাহ জনগোষ্ঠীৰ লোকসকলৰ মজুৰিৰ লগত অতিৰিক্ত 50 টকা বৃদ্ধি কৰা বুলি চলাই থকা প্ৰচাৰ খণ্ডন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ৷ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে শাসনাধীন চৰকাৰখনে । যাৰ বাবে তিনিচুকীয়া তথা ৰাজ্যৰ চাহ বাগিচা সমূহত বিজেপি দলক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: ভৱানীপুৰত কমল কুমাৰ মেধীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.