ETV Bharat / state

টকা নিদিলে কাম নহয় এটা আধাৰ কাৰ্ড কেন্দ্ৰত

author img

By

Published : Sep 3, 2020, 6:54 PM IST

কাকপথাৰত আধাৰ কাৰ্ডৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ ৷ টকা নিদিলে আধাৰ কাৰ্ড বনাই নিদিয়াৰ অভিযোগ গ্ৰাহকৰ ৷

Aadhaar card corruption at Tinsukia Kakopathar, Taking money for Aadhaar card
টকা দিলেহে আবেদন কৰিব পৰা তিনিচুকীয়াৰ এটা আধাৰ কাৰ্ড কেন্দ্ৰ

কাকপথাৰ, 3 ছেপ্তেম্বৰ : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে চিনিচুকীয়া জিলাৰ কাকপথাৰত আধাৰ কাৰ্ডৰ নামত গ্ৰাহকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কাকপথাৰৰ মাইথঙত থকা আধাৰ কাৰ্ড কেন্দ্ৰটোত প্ৰতিগৰাকী গ্ৰাহকৰ পৰা 150 টকাৰ পৰা 170 টকা লৈকে ধন লোৱাৰ গুৰুতৰ অভিযোগ গ্ৰাহকৰ ৷

আনহাতে, নিয়ম অনুযায়ী কেন্দ্ৰটোত প্লাষ্টিক কাৰ্ড বনাব বিচৰা লোকৰ পৰা ক্ষুদ্ৰতম ধন ল'ব পাৰে যদিও সেইয়া প্ৰতিগৰাকী লোকে দিবই লাগিবই বুলি কোনো ধৰণৰ বাধ্য বাধকতা নাই ৷ কিন্তু উক্ত কেন্দ্ৰটোত ধন দিলেহে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি ভুক্তভোগী গ্ৰাহকে উল্লেখ কৰিছে ৷

ইফালে, আধাৰ কাৰ্ড কেন্দ্ৰটোৰ বিৰুদ্ধে 2019 বৰ্ষতে প্লাষ্টিক কাৰ্ড বনাই দিয়া হ'ব বুলি ধন লোৱা হৈছিল কিন্তু আজিকোপতি প্লাষ্টিক কাৰ্ড পোৱা নাই বুলিও গ্ৰাহকে মন্তব্য প্ৰদান কৰিছে ৷ লগতে, আধাৰ কাৰ্ড কেন্দ্ৰটোত ক'ভিড প্ৰট'কল ভংগ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চৰকাৰী পক্ষৰ পকেটৰ ৰুমাল : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.