ETV Bharat / state

প্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ

author img

By

Published : May 27, 2020, 1:31 PM IST

সংশোধিত আইনখন চাহবাগিছা সমূহত প্ৰযোজ্য নকৰিবলৈ বাগিছাসমূহৰ পৰিচালকসকললৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে সংশোধিত শ্ৰম আইনখন শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে ৷

AAASA protest against Proposed amendment labour act at Doomdooma
সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ

ডুমডুমা, 27 মে': লকডাউনৰ মাজতে শ্ৰমিকৰ কামৰ সময় 8 ঘন্টাৰ পৰিৱৰ্তে 12 ঘন্টালৈ বৃদ্ধি কৰা শ্ৰমিক আইন সংশোধনীৰ বিৰুদ্ধে সদৌ আদিবাসী ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৷ শীঘ্ৰে এই আইনখন বাতিলৰ কৰাৰ দাবীৰে বুধবাৰে ডুমডুমাৰ বিছাকপি চাহ বাগিছাত প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ লগতে সংশোধিত আইনখন চাহবাগিছা সমূহত প্ৰযোজ্য নকৰিবলৈ বাগিছাসমূহৰ পৰিচালকসকললৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগত সংশোধিত শ্ৰম আইনখন শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৱে ৷ উল্লেখ্য যে, সংগঠনটোৰ আহ্বান মৰ্মে বুধবাৰে সদৌ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ আদিবাসী ছাত্ৰ সন্থাই ৷

প্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ

উল্লেখ্য যে, লকডাউনৰ সময়ত দেশৰ উদ্যোগ ক্ষেত্ৰখনত হোৱা অভাৱনীয় ক্ষতি পুৰণৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে উদ্যোগ সমুহৰ শ্ৰমিকৰ কৰ্ম সময় বৰ্তমানৰ 8 ঘন্টাৰ পৰা বৃদ্ধি কৰি 12 ঘন্টা কৰাৰ এক সিদ্ধান্ত কৰিছে চৰকাৰে ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰখনে কেবিনেটত শ্ৰম আইনখনৰ কিছু দফা সংশোধন কৰা বিষয়টোক তীব্ৰ প্ৰতিবাদ জনাইছে আদিবাসী ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃ কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.