ETV Bharat / state

পেঙেৰীত বৃহৎ পৰিমাণৰ ফলা কাঠসহ এখন ট্ৰাক জব্দ

author img

By

Published : Jun 20, 2020, 3:35 PM IST

খাটাংপানী খণ্ড বন কাৰ্যালয়ৰ বিষয়া হিৰেণ মেদকৰ নেতৃত্বত যোৱা এটা দলে NL-01AB-3849 নম্বৰৰ এই চোৰাং কাঠভৰ্তি ট্ৰাকখন জব্দ কৰে । উল্লেখযোগ্য যে,বিভিন্ন সময়ত বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত একাংশ চোৰাং কাঠ বেপাৰীয়ে বন ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে ৷ যাৰ ফলত বিগত কেবাদিনে পেঙেৰী-বৰডুমচা পথেৰে প্ৰায়ে কাঠ ভৰ্তি ট্ৰাকৰ অহা-যোৱা পৰিলক্ষিত হোৱাৰ লগতে পূৰ্বতেও কেবাখনো ট্ৰাক জব্দ কৰা বুলি জানিবলৈ দিয়ে স্থানীয় সংগঠনৰ সদস্যই ৷

Tinsukia
পেঙেৰীত বৃহৎ পৰিমাণৰ ফলা কাঠসহ এখন ট্ৰাক জব্দ

তিনিচুকীয়া, 20 জুন : তিনিচুকীয়া জিলাৰ পেঙেৰী-বৰডুমচা পথৰ কাষৰ পৰা বন বিষয়াৰ দলে ফলা কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমা বন সংমণ্ডলৰ অধীনৰ পেঙেৰী খাটাংপানী আঞ্চলিক বন বিষয়াৰ দলে পেঙেৰী-বৰডুমচা পথৰ কাষৰ পৰা বুজন পৰিমাণৰ ফলা কাঠসহ এখন ট্ৰাক জব্দ কৰে । বন বিভাগৰ দলটোৱে বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা উক্ত পথটোত ট্ৰাকখন প্ৰত্যক্ষ কৰি জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ অসমৰ COVID-19 ৰোগীৰ সেৱাৰ্থে ব্যৱহৃত হ'ব ৰবট

খাটাংপানী খণ্ড বন কাৰ্যালয়ৰ বিষয়া হিৰেণ মেদকৰ নেতৃত্বত যোৱা এটা দলে NL-01AB-3849 নম্বৰৰ এই চোৰাং কাঠভৰ্তি ট্ৰাকখন জব্দ কৰে । উল্লেখযোগ্য যে, বিভিন্ন সময়ত বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত একাংশ চোৰাং কাঠ বেপাৰীয়ে বন ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে ৷ যাৰ ফলত বিগত কেবাদিনে পেঙেৰী-বৰডুমচা পথেৰে প্ৰায়ে কাঠ ভৰ্তি ট্ৰাকৰ অহা-যোৱা পৰিলক্ষিত হোৱাৰ লগতে পূৰ্বতেও কেবাখনো ট্ৰাক জব্দ কৰা বুলি জানিবলৈ দিয়ে স্থানীয় সংগঠনৰ সদস্যই ৷ লগতে এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তান্তৰ বিচাৰিছে স্থানীয় ৰাইজে ৷

লগতে চাওকঃ মুখ্য মাষ্টাৰ চাৰ্জেট হিচাপে মহিলাক নিয়োগ বায়ুসেনা বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.