ETV Bharat / state

পূজাৰ আনন্দৰ মাজতে ডিগবৈত মৰ্মান্তিক ঘটনা - পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটিল এটি কিশোৰৰ

শাৰদীয় বতৰত ডিগবৈত কৰুণ ঘটনা । পুখুৰীত পৰি সলিল সমাধি এটি কিশোৰৰ । সংকটজনক অৱস্থাত আন এটি কিশোৰ । সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

drawning case
পূজাৰ আনন্দৰ মাজতে ডিগবৈত মৰ্মান্তিক ঘটনা
author img

By

Published : Oct 12, 2021, 9:36 PM IST

ডিগবৈ,১২ অক্টোবৰ : ৰাজ্যৰ চাৰিওফালে দুৰ্গোৎসৱক লৈ আনন্দ উল্লাহে বিৰাজ কৰিছে । কিন্তু তাৰ মাজতে ডিগবৈত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটিল এটি কিশোৰৰ । সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় আন এটি কিশোৰ ।

ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰামনগৰৰ পৰা পানবাৰীলৈ যোৱা পথৰ দাঁতিত থকা এটা দ-পুখুৰীত পৰি ১৫ বছৰীয়া কিশোৰজনে কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সম্প্ৰতি অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । মৃত্যু হোৱা কিশোৰজন ডিগবৈৰ এন এচ এৰিয়াৰ ৰমজান আলীৰ পুত্ৰ ইৰানৰ আলী বুলি চিনাক্ত কৰা হৈছে । আনহাতে অচেতন অৱস্থাত উদ্ধাৰ হোৱা কিশোৰজন একেটা অঞ্চলৰে সঞ্জীৱ গড় বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে দুয়োজনে ডিগবৈৰ পাৰ্শ্বৱৰ্তী এটা অঞ্চলত হৈ থকা ফুটবল খেল উপভোগ কৰিবলৈ বুলি ঘৰৰ পৰা গৈছিল । ঘটনাস্থলীৰ ওচৰতে কাম কৰি থকা স্থানীয় লোকে মৰ্মান্তিক ঘটনাটো সংগঠিত হোৱাৰ পাছতে ডিগবৈ আৰক্ষীক ততাতৈয়াকৈ খবৰ দিয়ে । অগ্নি নিৰ্বাপক বাহিনীৰ লগতে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ডেৰ ঘন্টা ধৰি অভিযান চলাই আৰু কিশোৰজনৰ মৃতদেহটো উদ্ধাৰ কৰে । আনহাতে সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা সুনীল গড় নামৰ কিশোৰজনক ততালিকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক :অসমৰ প্ৰথমটো দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ বঢ়মপুৰৰ তিনি ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.