ETV Bharat / state

ডুমডুমাত আটছাৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস - আটছা প্ৰতিষ্ঠা দিৱস

ATTSA Foundation Day: বুধবাৰৰ পৰা ডুমডুমাত অনুষ্ঠিত হৈছে আটছাৰ ৭৬ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ অসমৰ চাহ উদ্যোগে 200 বছৰ অতিক্ৰম কৰাৰ পাছতো চাহ শ্ৰমিকসকল আৰ্থিকভাৱে স্বচ্ছল হোৱা নাই ৷ এই সন্দৰ্ভত বিশেষ আলোচনা কৰাৰ সম্ভাৱনা ৷

ATTSA Foundation Day
আটছা প্ৰতিষ্ঠা দিৱস
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 7:13 PM IST

ডুমডুমাত আটছাৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

তিনিচুকীয়া, ২৭ ডিচেম্বৰ : আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৭৬ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস ।

প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ড্ৰাগছৰ পৰা নতুন প্ৰজন্মক মুক্ত কৰা উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনত দুশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

হোৱাৰ পিছতে প্ৰতিষ্ঠা দিৱস উদযাপনৰ মুখ্য দুৱাৰ মুকলি কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ কমলেশ্বৰ কলিতাই ৷ সংগঠনটোৰ সভাপতি ধীৰাজ গোৱালাই মুখ্য পতাকা উত্তোলন কৰাৰ লগতে মুঠ ৭৬ খন পতাকা উত্তোলন কৰে ডুমডুমা অঞ্চলৰ বিশিষ্ট ব্যক্তিয়ে আৰু স্মৃতি তৰ্পণ কৰে আটছাৰ কেন্দ্ৰীয় সম্পাদক জগদীশ বৰাইকে । তাৰ পিছতে অনুষ্ঠিত হয় সমবেত সংগীত পৰিৱেশনকে ধৰি বিভিন্ন কাৰ্যসূচী ।

প্ৰথমটো দিনত যুৱ সমাৰোহো অনুষ্ঠিত হয় ৷ য’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ণৰত ছাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ ইয়াৰোপৰি চাহ জনগোষ্ঠীৰ বিভিন্ন চিকিৎসক, ডক্টৰেট ডিগ্ৰীধাৰী আদি লোকক আমন্ত্ৰণ জনাই আটছাই এক সন্মিলনৰো আয়োজন কৰে ৷ প্ৰথমটো দিনৰ নিশালৈ চাহ জনগোষ্ঠীৰ বহুকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰিব অনুষ্ঠানস্থলীত ৷

ইফালে কাইলৈ অৰ্থাৎ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অসম চৰকাৰৰ বহুকেইজন মন্ত্ৰী, বিধায়ক, বিভিন্ন জাতীয়-জনগোষ্ঠীৰ দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰিব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে ৷

ইয়াৰোপৰি বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচীত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গে ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়ত ৫ টাকৈ পথ দুৰ্ঘটনা, নিহত ৫

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.