ETV Bharat / state

ডুমডুমাত কৰ’ণাত আক্ৰান্ত 65 বছৰীয়া মহিলা - 65 years old woman tested covid positive at Doomdooma

ডুমডুমাৰ ৰূপাই চাইডিঙত 65 বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে কৰ’ণা পজিটিভ ৷ কৰ্কট ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছিল । মেডিকেল কলেজত স্বাৱ পৰীক্ষা কৰাৰ পিছত ফলাফলত তেওঁ কৰ’ণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

ডুমডুমাত কৰ’ণাত আক্ৰান্ত 65 বছৰীয়া মহিলা

author img

By

Published : Jul 12, 2020, 8:46 PM IST

তিনিচুকীয়া, 12 জুলাই : তিনিচুকীয়াৰ ডুমডুমাত দেওবাৰে এগৰাকী 65 বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ উল্লেখ্য় যে, ডুমডুমাৰ ৰূপাই চাইডিঙৰ ধননগৰ নিবাসী অসীমা পাল নামৰ কৰ্কট ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছিল ।

ডুমডুমাত কৰ’ণাত আক্ৰান্ত 65 বছৰীয়া মহিলা

মেডিকেল কলেজত স্বাৱ পৰীক্ষা কৰাৰ পিছত ফলাফলত মহিলাগৰাকীৰ কৰ’ণা পজিটিভ হোৱা বুলি জানিব পৰা গৈছে । মহিলা গৰাকীক ইতিমধ্য়ে 108 এম্বুলেঞ্চেৰে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় ।

আশ্চৰ্যজনক কথা যে, মহিলাগৰাকীৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই । আনহাতে, এই ঘটনাৰ পিছতে মহিলাগৰাকীৰ পৰিয়ালসহ কাষৰীয়া অন্য 4 টা পৰিয়ালক লৈ গোটেই অঞ্চলটোক জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে ।

লগতে পঢ়ক : যোৰহাটত কৰ'ণা আক্ৰান্ত যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.