ETV Bharat / state

Tinsukia: আমাক ডিব্ৰু নদীত উটুৱাই দিয়ক; আশ্ৰয় শিবিৰত থকা ৰাইজৰ বিননী - তিনিচুকীয়া

দুখ বেদনাৰে ভাৰাক্ৰান্ত দুৰ্ভগীয়া একাংশ ৰাইজৰ উচুপনি ৷ ভগৱানৰ সলনি মুখ্যমন্ত্ৰীৰ ফটোত কৰিছে পূজা-অৰ্চনা ৷ এডোখৰ মাটি বিচাৰি আৰ্তনাদ কৰিছে 53 টাৰো অধিক দুৰ্ভগীয়া পৰিয়ালে ৷

shelter House in Tinsukia
আমাক ডিব্ৰু নদীত উটুৱাই দিয়ক
author img

By

Published : Jul 30, 2023, 9:57 PM IST

Updated : Jul 30, 2023, 10:43 PM IST

আমাক ডিব্ৰু নদীত উটুৱাই দিয়ক ৰাইজৰ দাবী

তিনিচুকীয়া,30 জুলাই: দুখ বেদনাৰে ভাৰাক্ৰান্ত দুৰ্ভগীয়া একাংশ ৰাইজৰ উচুপনি ৷ চকুত চকুলোৰ বাদে যেন একোৱে নাই তেওঁলোকৰ ৷ আনকি ভগৱানৰ সলনি মুখ্যমন্ত্ৰীৰ ফটোত কৰিছে পূজা-অৰ্চনা ৷ ভগৱানে নেদেখিলেও কিজানি মুখ্যমন্ত্ৰীয়ে দেখে ৷ কিজানি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দুখ আৰ্তনাদৰ কথা শুনে ! তাৰ আশাতে অপেক্ষাৰত দুখে কোলাই পাচি নধৰা ৰাইজৰ ৷ হয় এডোখৰ মাটি বিচাৰি আৰ্তনাদ কৰিছে 53 টাৰো অধিক দুৰ্ভগীয়া পৰিয়ালে ৷

তিনিচুকীয়া জিলাৰ তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইজান নতুন বজাৰ আশ্ৰয় শিবিৰত বসবাস কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কান্দোন ৷ এসময়ত ধন-ধানেৰে উভয়নদী হৈ থকা পৰিয়ালৰ এয়া আৰ্তনাদ ৷ কাৰণ ঘৰ মাটি বাৰী সকলো জাহ গ’ল ডিব্ৰু নদীৰ বুকুত ৷ ফলত ডিব্ৰু নদীৰ কাষতে থকা গুইজান নতুন বজাৰত ৩ বিঘা মাটিত আশ্ৰায় শিবিৰ হিচাবে থাকিব লগীয়া হৈছে শ শ লোকে ৷ ২০০২ চনৰ পৰা বিগত 21 বছৰে চৰকাৰৰ পৰা ফুটা খড়ি এটাও নাপালে দুৰ্ভগীয়া পৰিয়ালকেইটাই ৷ ফলত গোহালি সদৃশ্য ঘৰতে জন্তুৰ দৰে জীৱন কটাব লগীয়া হৈছে ৷

‘‘চৰকাৰে যদি আমাক একো দিব নোৱাৰে তেতিয়া হ’লে ডিব্ৰু নদীত উটুৱাই দিয়ক ৷ আমি এনেকৈ জীয়াই থাকিব নিবিচাৰো ৷ চাইকেল এখন আহিবলৈ এটা পথ নাই ৷ লেট্ৰিন এটা বনাবলৈ ঠাই নাই ৷ আমি বিধায়ক, জিলা প্ৰশাসনক বহুবাৰ আৱেদন নিবেদন কৰিছো কিন্তু কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে ৷ জিলা প্ৰশাসনেও আমাক প্ৰতিশ্ৰুতিৰ বাদে একো নিদিলে ৷ আমি খিলঞ্জীয়া হৈ এডোখৰ মাটিৰ বাবে এনেদৰে কান্দিব লগা হৈছে ৷ আমাতকৈ আৰু কোনো দুৰ্ভগীয়া নাই হয়টো ৷’’ এয়া ৰাইজৰ ক্ষোভ, আৰ্তনাদ ৷

আনহাতে অভিলাষী আঁচনীয়ে ঢুকি নোপোৱা এই সকল দুৰ্ভগীয়াই ৰাইজে বৰ্তমানৰ মুখ্যমন্ত্ৰী ফটো থাপিত কৰি ভগৱানৰ দৰে পূজা অৰ্চান কৰিছে ৷ কিন্তু ৰাইজৰ মৰ্মবেদনা বুজিব কোনে ! ‘‘চৰকাৰী আঁচনিৰ কাৰণে পঞ্চায়ত অফিচলৈ গ’লেও আমি একো নাপাওঁ, এয়া আমাৰ কাৰণে এক বিড়ম্বনা ৷ ক্ষমতালৈ আহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ভূমিহীন লোকক ভূমি দিয়াৰ কথা কয় এতিয়া কাণসাৰে নোহোৱা হ’ল ৷ আমাক জীয়াই থাকিবলৈ দিয়ক, আমাক এডোখৰ মাটি দিয়ক ৷ অন্যথা মাৰি পেলাওক ৷’’ কেমেৰা সন্মুখতে কান্দি কান্দি চৰকাৰক অনুৰোধ জনাইছে খিলঞ্জীয়া দুৰ্ভগীয়া মহিলাই।

২১টা বছৰে আশ্ৰয় শিবিৰত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ, ‘‘আমাক থাকিবলৈ ঠাই এডোখৰ দিয়ক ৷ আপুনি পুনৰ সংস্থাপনৰ কথা কৈছিল; কেতিয়ালৈ আমাক সংস্থাপিত কৰিব ! আমাৰ আপোনাক সাক্ষাৎ কৰিবলৈ সামৰ্থ নাই ৷ আমাৰ পৰিয়ালবোৰে দিন হাজিৰা কৰাৰ বাদে একো উপাৰ্জনৰ পথ নাই ৷’’

লগতে পঢ়ক:Encountr in Tinsukia: লক্ষীপথাৰত মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ

Last Updated : Jul 30, 2023, 10:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.