শদিয়া, 9 ফেব্ৰুৱাৰীঃ এখন বিশেষ দলং ৷ ৰাইজে নিজ প্ৰচেষ্টাত নিৰ্মাণ কৰা এখন বিশেষ দলং,নাম জুবিন গাৰ্গ সেঁতু ৷ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামত উৎসৰ্গিত এখন বিশেষ দলং ৷ তিনিচুকীয়াৰ কাকপথাৰৰ টেঙাপানী গাঁৱত নিৰ্মাণ কৰা হৈছে এই বিশেষ দলঙখন ৷ কাকপথাৰৰ ডিৰাকৰ ন দিহিং নদীৰ ওপৰত নিৰ্মাণ কৰিছে 490 মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলঙখনৰ ৷ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে বছৰ বছৰ ধৰি চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈ আছিল এই টেঙাপানীবাসী ৷ 1992 চনৰ ভয়ংকৰ বানৰ কৱলত পৰি বহিঃবিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল এই টেঙাপানী গাঁৱৰ ৰাইজ ৷
টেঙাপানীৰ 490 মিটাৰ দৈৰ্ঘৰ জুবিন গাৰ্গ সেঁতু স্থানীয় বিধায়ক বলিন চেতিয়াই দলঙখন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিচতো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাত বুলবুল মাউট নামৰ স্থানীয় এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত টেঙাপানীবাসীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই বাঁহৰ সাঁকোখন ৷ এই বিশেষ দলঙখন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে টেঙাপানীবাসীয়ে ৷ এই বিশেষ দলঙখনত শিল্পী মানস ৰবীন উপস্থিত হৈ ৰাইজৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লয় ৷ লগতে তেওঁ জুবিন গাৰ্গক এই বিষয়ে অতি শীঘ্ৰেই অৱগত কৰি জুবিনেই এই দলঙৰ উদ্বোধন কৰিব বুলি আশাবাদী ৷ চৰকাৰে ৰাজ্যত সকলো কাঠৰ দলং পকী কৰা বুলি সভাই,সমিতিয়ে কথাৰ ফুলজাৰি মাৰি ফুৰাৰ সময়তে ৰাইজৰ শ্ৰমদানেৰে বৃহৎ দৈৰ্ঘৰ বাঁহৰ দলং নিৰ্মাণ কৰা কাৰ্যই চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷
আৰু পঢ়কঃমালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ