মাৰ্ঘেৰিটা, 24 ডিচেম্বৰঃ মঙলবাৰে লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মাকেম্পৰ 315 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন তীব্ৰ বেগী ডাম্পাৰে এখন মটৰ চাইকেল আৰ এখন স্কুটিত খুন্দা মৰাৰ ফলত 3 জনলোক থিতাতে নিহত হয় ৷
মটৰ চাইকেল আৰু স্কুটি খনত দুজনকৈ মুঠ 4 জন আৰোহী আছিল ৷ ইয়াৰে 3 জন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ উল্লেখ্য যে, তিনিওজন নিহত ব্যক্তিক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই ৷ জানিব পৰা মতে লিডুৰ পৰা জাগুন অভিমুখে গৈ আছিল বাইক আৰোহী সকল আৰু জাগুনৰ পৰা লিডু অভিমুখে আহি আছিল দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খন।
লগতে পঢ়ক - ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ