তিনিচুকীয়া, ৮ নৱেম্বৰ : অৱশেষত এটা স্থায়ী ঠিকনা পাবলৈ সক্ষম হ’ল লাইকাৰ ১৬০ টা পৰিয়ালে ৷ ১৯৯৯ চনত চৰকাৰে ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁওবাসীক অন্য ঠাইত পুনৰ সংস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই মতে বহু আবেদন-নিবেদন আৰু আন্দোলনৰ ফলত লাইকাৰ বনগাঁওবাসীক তিনিচুকীয়া আৰু লক্ষীমপুৰ জিলাত পুনঃ সংস্থাপনৰ আশ্বাস দিছিল চৰকাৰে ৷
লাইকা বনগাঁৱৰ ১৬০ টা পৰিয়ালে জাগুনৰ টিংকুপানীত বিগত ১১ মাহে ট্ৰিপালৰ চালিৰ তলত এক দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছিল । অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত জীয়াতু ভুগিছিল লাইকা- দধিয়াবাসী ৰাইজে । তেনে সময়তে এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত লাইকাৰ ১৬০ টা পৰিয়ালক চৰকাৰে তিনিচুকীয়াৰ নামফাইৰ টাপু বনাঞ্চলত সংস্থাপনৰ ব্যৱস্থা কৰিছিল ৷
ইয়াকে লৈ বুধবাৰে স্থানীয় অৰুণোদয় সোণোৱাল গাঁৱৰ সোণোৱাল আৰু আহোম ৰাইজৰ বাদাওৰ প্ৰতিবাদত অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ফলত দুৰ্ভগীয়া লাইকাৰ ১৬০ পৰিয়ালে পুনৰ অস্থায়ী শিবিৰলৈ উভতি আহিবলগীয়া হয় ৷ কিন্তু বৃহস্পতিবাৰে 'নামফাই টাপু' নামৰ ঠাইতে লাইকাৰ ১৬০টা পৰিয়ালক পুনঃ সংস্থাপন কৰিছে জিলা প্ৰশাসনে । এতিয়াৰে পৰা লাইকাবাসীৰ স্থায়ী ঠিকনা হ'ল নামফাই টাপু ৷ ইয়াকে লৈ এতিয়া তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে লাইকাবাসী ৰাইজে ৷
লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ : তহিলং কৰিলে 30 বিঘা ভূমিৰ চাহ বাগিচা