দক্ষিন শালমৰা , 09 জুন : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ মানুল্লাপাৰা আঞ্চলিক পঞ্চায়তৰ পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এমজিএনৰেগা আঁচনিৰ অধীনত 2018-19 বিত্তীয় বৰ্ষত মানুল্লাপাৰা আঞ্চলিক পঞ্চায়তৰ এগ্ৰিল বান্ধ তথা পথ নিৰ্মাণৰ বাবে চৰকাৰে 10 লাখ টকা আৱন্টন দিছিল ৷ কিন্তু মানুল্লাপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্যাই নিম্নমানৰ কাম কৰি মোটা অংকৰ ধন আত্মসাৎ কৰা গুৰুতৰ অভিযোগ উঠিছে ৷
আনহাতে, এই পৰিপ্ৰেক্ষিতত স্থানীয় সচেতন ৰাইজে তদন্তৰ দাবী জনাই জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়ে ৷ নিম্নমানৰ কামৰ ফলত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱা পথটোৰ সন্দৰ্ভত শেহতীয়াকৈ চৰকাৰ তথা দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ৷