ETV Bharat / state

Detained with Pistol: মানকাচৰৰ কালুৰ চৰ গাঁৱত হস্তনিৰ্মিত পিষ্টলসহ ৰাজস্থানৰ এজন লোক আটক - হস্তনিৰ্মিত পিস্তল

মানকাচৰৰ কালুৰ চৰ গাঁৱত হস্তনিৰ্মিত বন্দুকসহ ৰাজস্থানৰ এজন লোকক আটক ৷ আৰক্ষীয়ে আটক লোকজন ৰাজস্থানৰ জয়পুৰ জিলাৰ গালটা গেট থানাৰ অন্তৰ্গত কমৰুদ্দিনৰ পুত্ৰ ছাইদ শ্বাহ (56) বুলি জানিব পৰা গৈছে ৷

One Detained With Handmade Pistol in Mankachar
মানকাচৰৰ কালুৰ চৰ গাঁৱত হস্তনিৰ্মিত পিস্তলসহ ৰাজস্থানৰ এজন লোক আটক
author img

By

Published : Jul 9, 2023, 11:12 AM IST

Updated : Jul 9, 2023, 11:30 AM IST

হস্তনিৰ্মিত পিস্তলসহ ৰাজস্থানৰ এজন লোক আটক

ধুবুৰী, 9 জুলাই: মানকাচৰৰ কালুৰ চৰ গাঁৱত হস্তনিৰ্মিত পিষ্টলসহ ৰাজস্থানৰ এজন লোকক আটক ৷ দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কালুৰ চৰ গাঁৱত শনিবাৰে বিয়লি হস্তনিৰ্মিত পিষ্টল আৰু 7 জাই সজীৱ গুলিসহ এজন ৰাজস্থানী লোকক আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে আটক লোকজন ৰাজস্থানৰ জয়পুৰ জিলাৰ গালটা গেট থানাৰ অন্তৰ্গত কমৰুদ্দিনৰ পুত্ৰ ছাইদ শ্বাহ (56) বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, লোকজনে 9 বছৰ পূৰ্বে কালুৰ চৰ গাঁৱৰ এগৰাকী মহিলাক বিয়া কৰাইছিল ৷ বিবাহৰ পাছত মহিলাগৰাকীয়ে দুটি পুত্ৰ সন্তান জন্ম দিয়াৰ পিছৰে পৰাই স্বামী ছাইদ শ্বাহে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল তেওঁক ৷ আনকি মহিলাগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল ছাইদ শ্বাহে ৷ এনে কাৰ্যত বাধা প্ৰদান কৰিলে পত্নীক বৈদ্যুতিক শ্বৰ্ট দি নিৰ্যাতন চলাই আহিছিল পাষাণ স্বামীয়ে ৷

স্বামীৰ শাৰিৰীক, মানসিক নিৰ্যাতন সহিব নোৱাৰি মহিলাগৰাকীয়ে 4 মাহ পূৰ্বে স্বামী গৃহৰ পৰা গৈ পিতৃ গৃহত থাকিবলৈ লয় ৷ 4 মে’ৰ দিনা মহিলাগৰাকীয়ে হাটশিঙিমাৰী নটাৰি ক্লাৱৰ জৰিয়তে স্বামী ছাইদ শ্বাহক বিবাহ বিচ্ছেদ কৰে ৷ বিবাহ বিচ্ছেদৰ পাচত শনিবাৰে ছাইদ শ্বাহে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দি বলপূৰ্বক লৈ যাবলৈ চেষ্টা চলায় ৷ শনিবাৰে আবেলি 2.30 মান বজাত ছাইদ শ্বাহে মহিলাগৰাকীক বন্দুক দেখুৱাই বলপূৰ্বক লৈ যোৱাৰ চেষ্টা কৰে ৷ ছাইদ শ্বাহৰ এনে কাৰ্যত বাধা প্ৰদান কৰাত মহিলাগৰাকীৰ ভিনিহিয়েক আৰু কনিষ্ঠ ভাতৃক বন্দুকেৰে প্ৰাণে মৰাৰ ভাবুকি দিয়ে ৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ছাইদ শ্বাহক পিষ্টলসহ আটক কৰি উত্তম-মধ্যম শোধাই মানকাচৰ আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে ছাইদ শ্বাহৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু 7 জাই সজীৱ গুলি জব্দ কৰে ৷ বৰ্তমান ছাইদ শ্বাহক মানকাচৰ থানাৰ আৰক্ষীয়ে জেৰা চলাই আছে ৷

লগতে পঢ়ক: Domestic violence in Barpeta : যৌতুকৰ দাবীত বোৱাৰীক নিৰ্মম অত্যাচাৰ

Last Updated : Jul 9, 2023, 11:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.