দক্ষিণ শালমাৰা, 23 অক্টোবৰ: ধুবুৰী জিলাৰ অধীনস্থ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন এলেকাত দীর্ঘদিনৰে পৰা ভয়াৱহ গৰাখহনীয়া আৰম্ভ হৈছে । বিগত দিনবোৰত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হোৱাৰ বিপৰীতে এইদৰেই হেৰুৱাইছে নিজৰ গৃহভূমি আৰু পৈতৃক সম্পত্তি । বিগত বছৰ কেইটাৰ তুলনাত চলিত বৰ্ষত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি সহস্ৰাধিক পৰিয়াল গৃহহীন কৰিছে । কিন্তু ইয়াৰ পিছতো ধুবুৰীৰৰ সাংসদ বদৰুদ্দিন আজমল, দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে । সমান্তৰাল ভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ নামত অহা কোটি কোটি টকাৰ আঁচনিক লৈ একপ্ৰকাৰ ব্যৱসায় চলাই যোৱা বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনেও নীৰৱ দৰ্শকৰ ভূমিকা লোৱা দেখা গৈছে । ফলত উপায়হীন ৰাইজেও জন প্ৰতিনিধি আৰু চৰকাৰৰ ওপৰত আষ্ঠা হেৰুৱাই নিজেই বাৰীৰ গছ কাটি ব্ৰহ্মপুত্ৰৰ পাৰত পেলাই কোনোমতে নিজৰ জন্মভূমি তথা নিজৰ নিজৰ পৈতৃক সম্পত্তি ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে ।
উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা সমষ্টিৰ বিশেষকৈ গলাদিগি, পামপাৰা, চতলাৰপাৰ, নয়াপাৰা আদি অঞ্চলত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰি তাণ্ডৱ সৃষ্টি কৰিছে । ফলত প্ৰতিটো মুহূৰ্তত ইয়াৰ ৰাইজে হেৰুৱাইছে পৈতৃক সম্পত্তি আৰু সপোনৰ ঘৰখন । স্থানীয় ৰাইজে বহুবাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই স্থানীয় জনপ্ৰতিনিধি, প্ৰশাসন তথা চৰকাৰে যাৰ বাবে ৰাইজে আজি হাহাকাৰ কৰিব লগীয়া হৈছে ৷ অচিৰেই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে ৰাইজে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আধাৰত দক্ষিণ শালমাৰা সমষ্টিৰ গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক গুৰুত্ব প্ৰদানৰ দাবী উত্থাপন কৰিছে অস্তিত্বৰ সংকটত পৰা ইয়াৰ ৰাইজে । এই ক্ষেত্ৰত চৰকাৰে কি গুৰুত্ব প্ৰদান কৰে সেয়া হব লক্ষণীয় বিষয় ।