মানকাচৰ, 17 মাৰ্চঃ দক্ষিণ শালমাৰা মানকাচৰত আতংক! এজন লোক কৰ'ণা ভাইৰাছত আক্ৰন্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷ দুদিন পূৰ্বে হাৰিয়ানাৰ পৰা গজাৰিকান্দিস্থিত নিজ ঘৰলৈ আহিছিল লোকজন ৷ লোকজনক বৰ্তমান মানকাচৰ চিকিৎসালয়ৰ আচুতীয়া পৰ্যবেক্ষণত ৰখা হৈছে ৷
জানিব পৰা মতে,যোৱা ১১ মাৰ্চত ঘৰৰ পৰা কিবা কাৰণত মানকাচৰৰ বাঘাপাৰাত আহিছিল লোকজন। পিছত সোমাবাৰে লোকজনে বাঘাপাৰাত চৰ্দি জ্বৰ,কাহত আক্ৰান্ত হৈ বাঘাপাৰাস্ত উপ স্বাস্থ্য কেন্দ্ৰ লৈ চিকিৎসাৰ বাবে যায়। কিন্তু চিকিৎসকৰ সন্দেহ হোৱাত ততাতৈয়াকৈ মহকুমা চিকিৎসা বিষয়াক এই বিষয়ে অৱগত কৰে ৷ তাৰ পিচতেই নিশা লোকজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটী লৈ স্বাস্থ্য বিভাগৰ এটা দল ৰাওনা হয় ৷
ইপিনে লোকজনৰ পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে । লোকজন অতি সংকটজনক অৱস্থাত আছে বুলি উল্লেখ কৰে চিকিৎসকে।
লগতে পঢ়কঃ কৰ’ণা ভাইৰাছ সন্ত্ৰাস : শিলচৰ,কাছাৰত বন্ধ স্কুল,কলেজ সকলো শিক্ষা প্ৰতিষ্ঠান