ETV Bharat / state

Youth leadership Award 2023: শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা ল'লে তেজপুৰৰ তৃষাণু ভূঞাই - 16th World Youth Peace Festival

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান । ১৬ সংখ্যক বিশ্ব যুৱ শান্তি মহোৎসৱত তেজপুৰৰ যুৱ নেতা তৃষাণু ভূঞাক প্ৰদান কৰা হয় Youth leadership Award 2023 । শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মৈথ্ৰিপাল্লা ছিৰিসেনাই যুৱনেতাগৰাকীক প্ৰদান কৰে এই বঁটা ।

Youth leadership Award 2023 to Trisanu Bhuyan
Youth leadership Award 2023 লাভ কৰিলে তৃষাণু ভূঞাই
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:04 PM IST

তেজপুৰ,১২ অক্টোবৰ: অলপতে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ ১৬ সংখ্যক বিশ্ব যুৱ শান্তি মহোৎসৱত অসম তথা তেজপুৰৰ যুৱ নেতা তৃষাণু ভূঞাই "Youth leadership Award 2023" লাভ কৰি অসমলৈ গৌৰৱ কঢিয়াই আনে । এই বঁটা প্ৰদান কৰে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মৈথ্ৰিপাল্লা ছিৰিসেনাই । অনুষ্ঠানত উপস্থিত থাকে শ্ৰীলংকাৰ বৰ্তমানৰ ন্যায় মন্ত্ৰী ড৹ উইজেয়াডাছা ৰাজাপকস্ব, যুৱসত্তাৰ প্ৰতিষ্ঠাপক প্ৰমোদ শৰ্মা, আমেৰিকান ডন এম.চি এভিনচি, শ্ৰীলংকাৰ এই মহোৎসৱৰ Country Coordinator চন্দ্ৰিকা ডি. জয়ছাৰ লগতে শ্ৰীলংকাৰ কেইবাজনো উচ্চ পদস্থ বিষয়া ।

Youth leadership Award 2023 to Trisanu Bhuyan
Youth leadership Award 2023 লাভ কৰিলে তৃষাণু ভূঞাই

ভূঞাক ১৫ খনৰো অধিক দেশৰ প্ৰতিনিধিৰ মাজত এই বঁটা প্ৰদান কৰা হয় । সামাজিক দায়বদ্ধতা, সমাজ-কৰ্ম আৰু ১৫ সংখ্যক বিশ্ব যুৱ শান্তি মহোৎসৱ, মালেছিয়াত তেওঁৰ সক্ৰিয় অংশগ্ৰহণ আৰু পাৰদৰ্শিতাৰ বাবেই তেওঁলৈ এই বঁটা প্ৰদান কৰা হয় । ২০২৩ বৰ্ষৰ এই বঁটা বিশ্বৰ বিভিন্ন দেশৰ ২১ জন ব্যক্তিয়ে লাভ কৰে ।

প্ৰতি বৰ্ষতে বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন নিৰ্বাচিত ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় । তেজপুৰৰ নিবাসী বাণীকান্ত ভূঞা আৰু নিজুমণি ভূঞাৰ একমাত্ৰ সন্তান তৃষাণু ভূঞা দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক, দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেছনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব পালনেৰে বিভিন্ন কাম কৰি আহিছে ।

লগতে বিভিন্ন সামাজিক অনুষ্ঠান তথা অসমৰ সাংস্কৃতিক জগত,ৰাজনৈতিক ক্ষেত্ৰৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত । বৰ্তমান তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰো শোণিতপুৰ জিলাৰ আহ্বায়কৰ দায়িত্ব পালন কৰি আছে । ২০২৩ বৰ্ষৰ এই যুৱ মহোৎসৱত বিশ্বৰ ১৫ খনৰো অধিক ৰাষ্ট্ৰই অংশগ্ৰহণ কৰে । দেশসমূহ হ'ল - ভাৰত, শ্ৰীলংকা, আমেৰিকা, ফিলিপাইনছ, আফ্ৰিকা, ইজিপ্ত, মালদ্বীপ, উগাণ্ডা, নেপাল, মালয়েছিয়া, অষ্ট্ৰেলিয়া, থাইলেণ্ড, বাংলাদেশ ইত্যাদি ।

২০২৩ বৰ্ষৰ এই মহোৎসৱত বহনক্ষম উন্নয়ন-৫, বিশ্ব শান্তি, সমতাৰ অধিকাৰ, স্বচ্চতা সজাগতা ইত্যাদি বিভিন্ন বিষয়ত প্ৰতিখন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে বিষদভাৱে আলোচনা কৰে । তৃষাণু ভূঞাৰ এই বঁটাই ভাৰতৰ লগতে অসম তথা তেজপুৰ চহৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: Lifetime Achievement Award:সংস্কৃতিৰ সাধক মাজুলীৰ দীনাৰাম বৰালৈ জীৱন জোৰা সাধনা বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.