তেজপুৰ, ১১ মাৰ্চ: নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা পিছতেই উৎকণ্ঠা বাঢ়িছে যুৱ প্ৰজন্মৰ ভোটাৰৰ মাজত । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যুৱ প্ৰজন্মৰ ভোটাৰৰ মন আকৰ্ষিত কৰিবলৈ আৰু অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় টুইটাৰ যোগে ।
প্ৰথম পৰ্য্যায়ত নিৰ্বাচন অনুস্থিত হ'বলগীয়া পাঁচ খন লোকসভাৰ ভিতৰত অন্যতম তেজপুৰ লোকসভা । ইয়াৰ যুৱ ভোটাৰসকলে প্ৰথম বাৰৰ কাৰণে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পাব বাবে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হয় ।