ETV Bharat / state

Workshop on Family Planning: পৰিয়াল পৰিকল্পনাৰ বাবে নয়ী পেহল কিট মুকলি

author img

By

Published : Nov 8, 2022, 10:59 AM IST

টাৱাঙত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় আঞ্চলিক পৰ্যালোচনা কৰ্মশালা । অৰুণাচল প্ৰদেশৰ এন এইচ এমৰ ৰাজ্যিক স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কৰ্মশালাখনি (NHM of Arunachal Pradesh) । কৰ্মশালাখনিত অসম,মণিপুৰ,মিজোৰাম,মেঘালয় আৰু ছিকিমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

Workshop on Family Planning
পৰিয়াল পৰিকল্পনাৰ বাবে নয়ী পেহল কিট মুকলি

তেজপুৰ, ৮ নৱেম্বৰ: পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত সোমবাৰে পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে আঞ্চলিক পৰ্যালোচনা কৰ্মশালা অনুষ্ঠিত হয় (Workshop on Family Planning)। অৰুণাচল প্ৰদেশৰ এন এইচ এমৰ ৰাজ্যিক স্বাস্থ্য সমিতিৰ উদ্যোগত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হয় (State Health Committee of NHM Arunachal)।

কেন্দ্ৰীয় মানসিক স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰালয়ৰ উপদেষ্টা ডাঃ এছ কে ছিকদাৰে (Ministry of Mental Health and Family Planning) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া ডাঃ নিধি ভাট আৰু মাতৃ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ উপদেষ্টা ড৹ প্ৰগতি সিং অতিথি হিচাপে উপস্থিত থাকে (Maternal Health and Family Planning) । অসম,মণিপুৰ,মিজোৰাম,মেঘালয় আৰু ছিকিমৰ প্ৰতিনিধিৰ উপৰি ড৹ ৱাংদি লামা, ডাঃ এম্পিং পাৰ্মে, ডাঃ ৰুণী তাছুং আদিয়ে অংশগ্ৰহণ কৰে ।

উক্ত কৰ্মশালাত ২ নৱেম্বৰত অকালতে মৃত্যুবৰণ কৰা অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ (প্লেনিং) উপদেষ্টা জাম্ব তাছিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় । অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ড৹ এমি ৰুমীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰালয়ৰ বিষয়াসকলৰ লগতে অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ছিকিমৰ প্ৰতিনিধিসকলক আদৰণি জনায় ।

ড৹এ মি ৰুমীয়ে স্বাস্থ্য বিষয়া, আশা, এ এন এম আৰু অন্যান্য ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে আন্তৰিকতাৰে কাম কৰি ৰাইজক স্বাস্থ্য সেৱা আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ অনিবাৰ্য কাৰণত কৰ্মশালাত উপস্থিত থাকিব নোৱৰা অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী আলো লিবাঙৰ আদৰণি বাৰ্তাও পাঠ কৰে ।

অধিৱেশনৰ উদ্বোধনীৰ সময়ত "মিছন পৰিৱাৰ বিকাশৰ" অধীনত পৰিয়াল পৰিকল্পনাৰ বাবে নয়ী পেহল কিট মুকলি কৰা হয় (Nayi Pehal Kit for Family Planning)। কিট মুকলি কৰি ডাঃ এছ কে ছিকদাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মাতৃ আৰু শিশু স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়টো উত্থাপন কৰে । তেওঁ স্বাস্থ্য মানৱ সম্পদৰ ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কয় । গ্ৰামাঞ্চলত স্বাস্থ্য বিভাগৰ কাৰ্যসূচী সমূহ প্ৰচাৰ কৰিব লাগে বুনিও তেওঁ উল্লেখ কৰে । ডাঃ এছ.কে ছিকদাৰে পুনৰ কয় যে এ এন এম কেডাৰক সঠিক প্ৰশিক্ষণৰে উন্নীত কৰিব লাগে যাতে তেওঁলোকে দক্ষতাৰে কাম কৰিব পাৰে ।

লগতে পঢ়ক:Nalbari Raas mahotsav 2022: শুভাৰম্ভ হ'ল নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.