ETV Bharat / state

পশ্চিমবংগত উদ্ধাৰ মিছামাৰীৰ শ্ৰমিকৰ মৃতদেহ - পশ্চিমবংগত উদ্ধাৰ মিছামাৰীৰ শ্ৰমিকৰ মৃতদেহ

কুলুৰ পৰা ৰেলযোগে স্ব গৃহলৈ আহি থকা সময়তে পশ্চিমবংগৰ মালদা ৰেল ষ্টেচনত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ ৷

Worker of Missamari found died at Malda Railway Station.
পশ্চিমবংগত উদ্ধাৰ মিছামাৰীৰ শ্ৰমিকৰ মৃতদেহ
author img

By

Published : Jan 22, 2020, 8:17 AM IST

ৰঙাপৰা, 21 জানুৱাৰী : পশ্চিমবংগৰ মালদা ৰেল ষ্টেচনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অসমৰ শ্ৰমিকৰ মৃতদেহ ৷ মৃত শ্ৰমিকজন মিছামাৰীৰ প্ৰেম পাত্ৰ নাগ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ৰেলযোগে নিজ গৃহলৈ আহি থকাৰ সময়তে মৃত্যু হয় লোকজনৰ ৷ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰিকামাৰী গাঁৱৰ নিৱাসী প্ৰেম দৰ্শন নাগৰ পুত্ৰ প্ৰেম পাত্ৰ নাগে (46) বিগত আঠ মাহ ধৰি হিমাচল প্ৰদেশৰ কুলু নামৰ ঠাইত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল ৷ দুদিন পূৰ্বে প্ৰেম পাত্ৰ নাগে হিমাচলৰ কুলুৰ পৰা ৰেলযোগে স্ব গৃহলৈ আহিছিল ৷ কিন্তু স্বগৃহলৈ আহি থকা লোকজনৰ মৃতদেহ পশ্চিমবংগৰ মালদা ৰেল ষ্টেচনত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

পশ্চিমবংগত উদ্ধাৰ মিছামাৰীৰ শ্ৰমিকৰ মৃতদেহ

প্ৰেম পাত্ৰ নাগৰ মৃত্যুৰ খবৰ পৰিয়ালে লাভ কৰাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে প্ৰেম পাত্ৰ নাগৰ পৰিয়ালৰ লোক ৷ মৃত লোকজনৰ পত্নী আৰু দুই কন্যাই এই ঘটনাক এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৷

লগতে পঢ়কঃমানৱতাৰ উৎসৃষ্ট নিদৰ্শন উৰিষ্যাৰ চিকিৎসকৰ

Intro:পশ্চিমবংগৰ মালদা ৰেলৱে ষ্টেচনত মিছামাৰীৰ শ্ৰমিকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰBody:ৰঙাপৰাঃ পুনৰ বহিঃৰাজ্যত অসম শ্ৰমিকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পশ্চিমবংগৰ মালদা ৰেলৱে ষ্টেচনত ৰহস্যজনক অৱস্থাত মিছামাৰীৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰিকামাৰী গাঁৱৰ নিৱাসী প্ৰেম দৰ্শন নাগৰ পুত্ৰ প্ৰেম পাত্ৰ নাগ (৪৬) নামৰ লোকজনে বিগত আঠ মাহ ধৰি হিমাচল প্ৰদেশৰ কুলু নামৰ ঠাইত শ্ৰমিক হিচাবে নিয়োজিত হৈ আছিল৷ যোৱা দুদিন পূৰ্বে প্ৰেম পাত্ৰ নাগে হিমাচলৰ কুলুৰ পৰা স্বগৃহলৈ ৰেলযোগে আহিছিল৷ কিন্তু স্বগৃহলৈ আহি থকা লোকজনৰ মৃতদেহ পশ্চিম বংগৰ মালদা ৰেল ষ্টেচনত উদ্ধাৰ হয় বুলি ৰেলৱে আৰক্ষীয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছতেই হাহাকাৰ লাগে। ইফালে, আজি ঘটনাস্থলীলৈ ৰাওনা হৈছে প্ৰেম পাত্ৰ নাগৰ পৰিয়ালৰ লোক মালদা ৰেল ষ্টেচনত মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ পত্নী আৰু দুটি কন্যা সন্তানো আছে৷ পৰিয়ালৰ লোকে ইয়াক এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে৷
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.