তেজপুৰ, 28 ডিচেম্বৰ : শোণিতপুৰৰ চাৰিদুৱাৰ চটাই নমাইলত সংঘটিত ডাইনীকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে,আধুনিক শিক্ষাৰ পোহৰ নপৰা এই অঞ্চলটোত অভিযুক্তই অন্ধবিশ্বাস বিয়পোৱাত মুখ্যভূমিকা পালন কৰিছিল ৷ জিলা আয়ুক্তৰ তৎপৰতাত চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দম্পতীক ৷
শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তবৰ্তী চটাই নমাইলত ডাইনীৰ সন্দেহত এটা পৰিয়ালৰ ওপৰত চলোৱা হৈছিল দলবদ্ধ নিৰ্যাতন ৷ 60 উৰ্দ্ধৰ দম্পতী ফিলোৰাম বসুমতাৰী আৰু তেওঁৰ পত্নী চৰাই বসুমতাৰীক ডাইনীৰ অভিযোগ তুলি গাঁওখনৰ ৰাইজে পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাৰীৰ সকলো গছ কাটি তহিলং কৰি গাঁওখনৰ পৰা উচ্ছেদ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ ইয়াৰ মাজতে জিলা প্ৰশাসনৰ তৎপৰতাত এই ঘটনাৰ মূল অভিযুক্ত ক্ৰমে ভাৰত বসুমতাৰী আৰু তেওঁৰ পৰিবাৰ ধনশ্ৰী বসুমতাৰীক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখযোগ্য যে অঞ্চলটোত শিক্ষিতৰ সংখ্যা তেনেই নগন্য আৰু অভিযুক্ত মহিলাগৰাকী অঞ্চলটোত ’আই’ হিচাপে পৰিচিত ৷ বুধবাৰে কৰায়ত্ত কৰাৰ সময়ত অভিযুক্ত মহিলা গৰাকীয়ে কিছু সময় অদ্ভুত আচৰণ কৰিছিল ৷ এই ঘটনাৰ পাছত অঞ্চলটোত এবছুৱে সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী হাতত লৈছে ৷ আনহাতে নিৰ্যাতনৰ বলি হোৱা পৰিয়ালটোক এবছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ৰাইজে পুনৰ আগৰ স্থানতে ঘৰ-দুৱাৰ সাজি দিয়াৰো ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে, শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ বিষয়ায়ো নিৰ্যাতিত পৰিয়ালটোক সাক্ষাৎ কৰে ৷
ইফালে তেজপুৰৰ নিজ বাঁহবাৰীত দেওবাৰে নিশা এদল অন্ধবিশ্বাসী উন্মত্ত লোকে এগৰাকী 40 বছৰীয়া মহিলাগৰাকীক ডাইনী বুলি নৃশংসভাৱে হত্যা কৰাৰ পিছত অঞ্চলটোত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে ৷ পিছপৰা অঞ্চলটোৰ বাসিন্দা সকলৰ জীৱনধাৰণৰ মানদণ্ড, সুৰাৰ ব্যাপক প্ৰচলন আৰু আধুনিক শিক্ষাৰ অভাৱে এনে জঘন্য ঘটনা সংঘটিত কৰাত অৰিহণা যোগাইছে বুলি জানিব পৰা গৈছে ৷ অঞ্চলটোত অধিক সুৰাৰ প্ৰচলন থকাৰ লগতে ওচৰৰ অঞ্চলৰ পৰাও ইয়ালৈ সুৰাৰ সৰবৰাহ হয় ৷ উল্লেখযোগ্য যে, শিক্ষাৰ পোহৰ নপৰা অঞ্চলটোত কুসংস্কাৰে প্ৰতিজনকে আগুৰি আছে ৷
আনহাতে হত্যাৰ বলি হোৱা মহিলাগৰাকীক অঞ্চলটোৰ সকলোৱে প্ৰায় এমাহ পূৰ্বে এঘৰীয়া কৰাৰ দৰেই কৰিছিল আৰু একাংশই মহিলাগৰাকীক ডাইনী আখ্যা দি ব্যক্তিগত প্ৰতিশোধ পূৰণ কৰিছিল ৷ উল্লেখযোগ্য যে,ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অজয় চাংহাৰ, টিংকু মালহাৰ, সূৰয বাঘোৱাৰ, ধীৰাজ বাঘোৱাৰ, বাবুল নাগধৰ আৰু বাইলা চাংহাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আটকাধীন সকলোৱে জঘন্য হত্যাকাণ্ডটো সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে আৰক্ষীৰ আগত ৷ আদালততো একেই ভাষ্য আগবঢ়াই এইসকলে ৷ আনকি মহিলাগৰাকীক হত্যা কৰি কাষৰ এঘৰত নিৰুদ্বিগ্নভাবে শুই আছিল আক্ৰমণকাৰীৰ দল ৷
বৰ্তমান আটাইকেইটা অভিযুক্তকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে এই নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰখা আৰক্ষীয়ে আজি পুনৰ এই ঘটনা সংক্ৰান্তত শুনাৰাম গৌড় নামৰ এজন লোকক ঢেকিয়াজুলিৰ পানবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ এজন বেজ হিচাপে পৰিচিত এই লোকজনেই তথাকথিত বাচনি বিদ্যাৰে হত্যাকাণ্ডটোৰে জড়িত বাঘোৱাৰৰ পৰিয়ালক মহিলাগৰাকীক ডাইনী বুলি কৈ তেওঁৰ বাবেই পৰিয়ালটোৰ এজন সদস্য অসুস্থ হৈ পৰা বুলিও কৈছিল ৷ তদুপৰি এই ঘটনাৰে জড়িত থকাৰ অভিযোগত আজি বিয়লি অনিতা কাপি নামৰ আন এগৰাকী মহিলাকো বেবেজীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান তেওঁক তেজপুৰ সদৰ আৰক্ষী থানাত সোধা-পোছা কৰি থকা হৈছে ৷
লগতে পঢ়ক : শোণিতপুৰত দুটাকৈ ডাইনী সন্দেহৰ ঘটনা: পুনৰ আটক এগৰাকী মহিলা