ETV Bharat / state

শোণিতপুৰৰ ৰাজপথত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জলাঞ্চললৈ ওলাই আহিছে জাক-জাক বনৰীয়া হাতী ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথেৰে অতিক্ৰম কৰি এঘন্টা ধৰি বন্ধ কৰিলে যাতায়ত ব্যৱস্থা ৷

author img

By

Published : Oct 16, 2019, 12:52 PM IST

শোণিতপুৰৰ ৰাজপথত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

ৰঙাপৰা,16অক্টোবৰ : শোণিতপুৰ জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ বুধবাৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথচোৱা অতিক্ৰম কৰে ৷ যাৰ ফলত প্ৰায় এঘন্টা ধৰি পথটোৰে বন্ধ হৈ পৰে যান-বাহনৰ চলাচল ৷ যাতায়ত বন্ধ হৈ পৰাৰ ফলত পথটোত আৱদ্ধ হ'বলগীয়া হয় বহু যান-বাহন ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চলালৈ ওলাই অহা হাতীৰ জাকটোত আছিল প্ৰায় 100 টা হাতী ৷ ইয়াৰ পাছতে, উক্ত পথটোত বন বিভাগৰ লোক উপস্থিত হয় আৰু ৰাজপথৰ পৰা খেদি পঠিয়াই হাতীৰ জাকটোক ৷

শোণিতপুৰৰ ৰাজপথত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

স্থানীয় লোকৰ মন্তব্য অনুসৰি, হাতীৰ জাকটোত আছে বহু পোৱালী হাতী ৷ খাদ্যৰ অভাৱত প্ৰায়ে বনৰীয়া হাতীৰ জাকে অঞ্চলটোলৈ ওলাই আহি বিস্তৰ ক্ষতি কৰাৰ কথাও উল্লেখ কৰে অঞ্চলবাসীয়ে ৷

Intro:নামেৰী ৰাষ্ট্ৰীয় উদ্যানত জাক জাক বনৰীয়া হাতীৰ মুক্ত বিচৰণBody:ৰঙাপৰাঃ শোনিতপুৰ জিলাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ অব্যাহত আছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাক জাক বনৰীয়া হাতীয়ে চাৰিদুৱাৰ-ভালুকপুং সংযোগী পথচোৱা অতিক্ৰম কৰে। যাৰ ফলত উক্ত পথচোৱা পথ অৱৰোধৰ লেখীয়া হৈ পৰে। বনৰীয়া হাতীৰ জাকটো খাদ্যৰ সন্ধানত পথচোৱা অতিক্ৰম কৰাত এঘন্টা সময় যান-বাহন চলাচল বন্ধ হৈ পৰে। পথচোৱাৰ দুয়োফালে শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে। অসম-অৰুণাচল সীমান্তৱৰ্তী তথা হাতীগেটৰ ওচৰত বনৰীয়া হাতীৰ এটা বৃহৎ জাকটো পথচোৱা অতিক্ৰম কৰে। প্ৰায় ১০০ টাৰো অধিক বনৰীয়া হাতীৰ জাকটো এনেদৰে পথচোৱা পাৰ হৈ যায়। খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকটো নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।বনাঞ্চল এৰি এতিয়া জনাঞ্চলৈ ধাপলি মেলিছে বনৰীয়া হাতীৰ জাকটো। জাকটোত কেইবাটাও হাতীৰ পোৱালী আছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.