ETV Bharat / state

ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Aug 19, 2022, 1:32 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে (Wild elephant terror in Rangapara)। ৰৌনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ পকী বেৰ ভাঙি লণ্ডভণ্ড কৰিলে শ্ৰেণী কোঠা । বিদ্যালয়ৰ বহু সামগ্ৰীৰ বিস্তৰ ক্ষতি ।

Rangapara
ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ

ৰঙাপৰা,১৯ আগষ্ট : ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত (Elephant human conflict in Assam)। খাদ্যৰ সন্ধানত প্ৰায় বন্যহস্তী জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰে । ঘৰ-দুৱাৰ ভাঙি, পথাৰৰ শস্য নষ্ট কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণত প্ৰতিবছৰে বহুলোকৰ মৃত্যু হোৱাও দেখা যায় ।

ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ

শোণিতপুৰ জিলাত প্ৰতিবছৰে বন্যহস্তীয়ে উপদ্ৰৱ চলায় আহিছে । এইবাৰ বনৰীয়া হাতীয়ে জিলাখনৰ ৰঙাপৰা অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে । শুকুৰবাৰে নিশা হাবিৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে গাঁৱত প্ৰৱেশ কৰে । তাৰ পাছতে হাতী দুটাই ৰৌনাথপুৰ প্ৰাথমিক বিদ্যালয়ত উপদ্ৰৱ চলায় (Wild elephants damage school in Rangapara)। খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতী দুটাই বিদ্যালয়খনৰ পকী বেৰ ভাঙি সা-সম্পত্তি নষ্ট কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে ।

লক্ষণীয়ভাৱে প্ৰায় এসপ্তাহমান পূৰ্বেও হাতীয়ে ৰঙাপৰাৰ এইখন বিদ্যালয়ৰ ৰান্ধনি গৃহৰ পকী বেৰ ভাঙি পেলাইছিল । পকী বেৰ ভাঙি ছাত্র-ছাত্ৰীসকলৰ বাবে মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল ভক্ষণ কৰিছিল বনৰীয়া হাতীয়ে । ইফালে বনৰীয়া হাতীয়ে বিদ্যালয়খনৰ কাষতে থকা বাসগৃহ এটাও ভাঙি থৈ যায় । বিদ্যালয়খনত এনেদৰে হাতীয়ে উপদ্ৰৱ চলোৱাত এতিয়া শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল (Fear of wild elephants in Rangapara)।

উল্লেখ্য যে ৰঙাপৰাৰ একাংশ অঞ্চলত নিশাৰ ভাগত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় আহিছে । ঘৰ-দুৱাৰ ভাঙি এনেদৰে বহু লোকৰ সম্পত্তি ক্ষতিসাধন কৰি আহিছে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক জনোৱা হৈছে যদিও আজিলৈ বন বিভাগে কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক :গো-পালকে খেতিপথাৰত পশুধন এৰি খেতিয়কৰ অনিষ্ট কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.