ETV Bharat / state

Wife Killed husband in Sonitpur : পত্নী-ভাইবোৱাৰীয়ে মিলি লাঠিৰে কোবাই হত্যা কৰিলে এজনক

author img

By

Published : Jan 11, 2022, 4:30 PM IST

ৰঙাপৰাত শনিবাৰে সংঘটিত এক নৃশংস হত্যাকাণ্ড ৷ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ (Wife murders husband at Rangapara) ৷

wife-murders-husband-at-rangapara
ৰঙাপৰাত নৃশংস হত্যাকাণ্ড

ৰঙাপৰা, 11 জানুৱাৰী : শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড (Brutal mureder at Rangapara) ৷ পত্নীৰ হাতত স্বামীয়ে প্ৰাণ হেৰুৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Wife murders husband at Rangapara) । উল্লেখ্য যে, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নামনি গাঁৱত সংঘটিত হৈছে উক্ত ঘটনাটো । ১ নং নামনি গাঁৱৰ নিবাসী ৰতন বৰুৱাক তেওঁৰ পত্নী অষ্টমী বৰুৱা আৰু ভাইবোৱাৰী পিংকী বৰুৱাই মিলি শনিবাৰে নিশা লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে ।

উল্লেখ্য যে, হত্যাকাণ্ড সংঘটিত কৰি পত্নী অষ্টমীয়ে বাসগৃহৰ ভিতৰতে লুকুৱাই ৰাখে মৃতদেহ । শনিবাৰৰ পৰা ৰতন বৰুৱাক ৰাইজে গাঁৱখনত নেদেখাত পত্নীক সোধ পোছ কৰে । ইয়াৰ পিছতে সোমবাৰে গাঁওবাসীয়ে ৰতন বৰুৱাৰ মৃতদেহ ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰে আৰু ৰঙাপৰা আৰক্ষীক উক্ত ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷ খবৰ পাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পত্নী গৰাকীক আটক কৰি থানালৈ লৈ যায় ৷

পত্নীৰ হাতত প্ৰান গ’ল স্বামীৰ

জানিব পৰা মতে স্বামী ৰতন আৰু পত্নী অষ্টমীৰ মাজত প্ৰায়েই কজিয়া সূত্ৰপাত হৈছিল । যাৰ বাবে পত্নী অষ্টমীয়ে ভাই বোৱাৰী পিংকীৰ সৈতে মিলি স্বামী ৰতনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় গাঁওবাসীয়ে ৷ আনহাতে, বৰ্তমানেও পলাতক অৱস্থাক আছে উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত পিংকী বৰুৱা ৷ বৰ্তমান সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Assam police on anti gambling mission : ধুবুৰীত গ্ৰেপ্তাৰ ২২ টা জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.