ETV Bharat / state

আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন ?

author img

By

Published : Jul 27, 2020, 6:35 PM IST

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ই মন ভৰাই তুলিছে সকলোৰে ৷ মাতৃ স্নেহৰ এক অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা গ'ল সেই ভিডিঅ'টোৰ জৰিয়তে ৷ চাওক এই প্ৰতিবেদন...

পোৱালি হাতীক উদ্ধাৰৰ চেষ্টা মাতৃৰ
পোৱালি হাতীক উদ্ধাৰৰ চেষ্টা মাতৃৰ

তেজপুৰ, 27 জুলাই: বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ' ৷ জানিব পৰা মতে সেই ভিডিঅ'টো ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিং দুৱাৰ আৰু নুনাই অঞ্চলৰ শুক্লাই নদীৰ পাৰৰ ৷ ভিডিঅ'টোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত ৷ কিয়নো ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছিল নিজ সন্তানৰ প্ৰতি থকা মাতৃৰ মমতা ৷ সেইয়া লাগিলে কোনো বন্যপ্ৰাণীয়েই নহওঁক কিয় ৷

খৰস্ৰোতা নৈত পৰা পোৱালি হাতীক উদ্ধাৰৰ চেষ্টা মাতৃৰ

ভৰ বাৰিষাৰ পানীৰ কোবাল সোঁত পাৰ হৈ থকা এটা হাতীৰ জাক ৷ কিন্তু হঠাতে খৰস্ৰোতা নৈত পৰি যায় জাকটোৰ মাজৰে এটা পোৱালি হাতী ৷ তাৰ পাচতেই দেখিবলৈ পোৱা গ'ল নিজ সন্তানক উদ্ধাৰৰ বাবে কৰা মাকৰ আপ্ৰাণ চেষ্টা ৷ বৰ্তমানলৈ বন বিভাগৰ পৰা এই ঘটনা ক'ত সংঘটিত হৈছে তাৰ কোনো সঠিক তথ্য পোৱা নাই যদিও,নুনাইৰ স্থানীয় বাসিন্দাই উল্লেখ কৰা অনুসৰি,ভিডিঅ'টোৰ দৃশ্যাংশৰ পটভূমি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলখনৰ বুলি জানিবলৈ দিয়ে ওদালগুৰি জিলা বন বিভাগে ৷ এই ভাইৰেল ভিডিঅ'ৰ পৰা পুনৰবাৰ প্ৰমাণ কৰিলে অতীতৰে পৰাই চলি অহা এটা ফকৰা-যোজনা "আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন"ৰ সত্যতা ৷

লগতে পঢ়ক: বৰপেটাত বন্যাৰ্তক খাদ্য সামগ্ৰী বিতৰণ ৰাম সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.