ETV Bharat / state

ৰাজ্যত আকস্মিকভাৱে বৃদ্ধি নিবনুৱাৰ হাৰ

author img

By

Published : Nov 18, 2020, 8:00 AM IST

বিগত সময়ত শোণিতপুৰত চাকৰিৰ বাবে চৰকাৰী নিয়োগ কাৰ্যালয়ত নাম পঞ্জীয়ন কৰিছিল প্ৰায় 32,954 গৰাকীয়ে ৷ এই তথ্য সংগৃহীত কৰা হৈছে 2016 চনৰ 1 জানুৱাৰীৰ পৰা 2020 চনৰ 30 অক্টোবৰলৈ ৷ কিন্তু উদ্বেগপূৰ্ণ বিষয় এয়ে যে, তেজপুৰ নিয়োগ কাৰ্যালয়ৰ পৰা বিগত 5 বছৰত সংস্থাপিত হৈছে মাত্ৰ 48 গৰাকী লোক ৷

Unemployment Problem increase in assam etv bharat news
নিবনুৱাৰ হাৰ বৃদ্ধি

তেজপুৰ,18 নৱেম্বৰ: বিশ্বব্যাপী একপ্ৰকাৰ আতংক সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ ফলত স্তব্ধ হৈ ৰৈছে উন্নয়ন ৷ বাধাৰ সৃষ্টি হৈছে আৰ্থিক উন্নয়নৰ গতিত ৷ সমান্তৰালকৈ বৃদ্ধি হৈছে নিবনুৱাৰ হাৰ ৷ নিবনুৱাৰ হাৰ পূৰ্বে চেপ্তেম্বৰ মাহত আছিল 6.67% ৷ গ্ৰামাঞ্চলত এই হাৰ বৃদ্ধি হৈছে 1.04% লৈ ৷ কিন্তু নগৰাঞ্চলত হ্ৰাস পাইছে নিবনুৱা বৃদ্ধিৰ হাৰ ৷ সম্প্ৰতি এই হাৰ হৈছে 1.3% ৷ এই সমস্যা সৃষ্টিৰ লগে বহু লোকে ঢাপলি মেলিছে জিলা নিয়োগ সম্প্ৰসাৰণ বিষয়াৰ কাৰ্যালয়লৈ ৷ ৰাষ্ট্ৰীয় সমীক্ষাৰ তুলনাত ৰাজ্যত এই সংখ্যা কম যদিও বিগত এটা মাহৰ ভিতৰত এই সংখ্যা বৃদ্ধি হৈছে 1.2%-1.8% ৷

ৰাজ্যত আকস্মিকভাৱে বৃদ্ধি নিবনুৱাৰ হাৰ

বিগত সময়ত শোণিতপুৰ জিলাত চাকৰিৰ বাবে চৰকাৰী নিয়োগ কাৰ্যালয়ত নাম পঞ্জীয়ন কৰিছিল প্ৰায় 32,954 গৰাকীয়ে ৷ এই তথ্য সংগৃহীত কৰা হৈছে 2016 চনৰ 1 জানুৱাৰীৰ পৰা 2020 চনৰ 30 অক্টোবৰলৈ ৷ এই সময়ছোৱাত তেজপুৰ নিয়োগ কাৰ্যালয়ৰ পৰা বিগত 5 বছৰত সংস্থাপিত হৈছে মাত্ৰ 48 গৰাকী লোক ৷ এই বিষয়ত এতিয়া উদ্বেগ প্ৰকাশ কৰিছে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷

চৰকাৰে নিৱনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে খালী পদৰ পৰীক্ষা পাতিলে সঁচা, কিন্তু প্ৰতিটো পৰীক্ষাতে ধৰা পৰিল বিসংগতি ৷ চৰকাৰৰ এনে ভূমিকা গ্ৰহণে অধিক পৰিমাণে বৃদ্ধি কৰিব পাৰে নিৱনুৱাৰ সংখ্যা ৷

লগতে চাওকঃ অপেক্ষাৰ অন্ত:বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ৰ বাইপাছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.