তেজপুৰ,৩ আগষ্ট : অসমত যে জেহাদীৰ কাৰ্যকলাপ চলি আছে সেই কথা শেহতীয়া কিছুমান খবৰে প্ৰমাণ কৰি তুলিছে (Jihadi activities in Assam)। ৰাজ্যৰ কেইবাখনো জিলাত জেহাদী গ্ৰেপ্তাৰ হোৱাৰ সমান্তৰালকৈ মাদ্ৰাছাৰ পৰা জেহাদীৰ কাৰ্যকলাপ চলি থকাৰো বহু তথ্য পোহৰলৈ আহিছে । তেনে বিষয়ক লৈ চৰ্চা চলি থকাৰ মাজতে এইবাৰ মাদ্ৰাছাৰ পৰা নিৰুদ্দেশ হ'ল দুজনকৈ ছাত্ৰ ।
তেজপুৰৰ এখন মাদ্ৰাছাৰ পৰাই সন্ধানহীন ছাত্ৰ দুজন (Two students missing from Madrasa in Tezpur)। ছাত্ৰ দুজন ক্ৰমে মূৰ্চাদুৰ ৰহমান (মুন) আৰু আলহাজ মুৰ্ছিদুৰ ৰহমান । ১৩-১৪ বছৰীয়া ছাত্ৰ দুজন বিগত তিনি বছৰ ধৰি হায়াতুল উলুম মাদ্ৰাছাত অধ্যয়ন কৰি আছিল ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সোমবাৰে ছাত্ৰ দুজন বিদ্যালয়লৈ অহাৰ পিছৰে পৰা কোনো শুংসূত্ৰ নাই । ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে ৷ লগতে পৃথকে পৃথকে বাৰঘাট আৰক্ষী চকীত পৰিয়ালৰ তৰফৰ পৰা গোচৰ ৰূজু কৰা হৈছে । শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে এই সন্দৰ্ভত কয় যে ইতিমধ্যে আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰিছে । তেঁও কয় যে ইয়াৰ পূৰ্বে থেলামৰাৰ পৰা তিনিজন ছাত্ৰ নিৰুদেশ হৈছিল ।
পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ তেওঁলোকৰ পৰিয়ালৰ ঘৰৰ পৰা তিনিওকে উদ্ধাৰ কৰা হৈছিল । তেওঁলোকে পৰিয়ালৰ ঘৰত ফুৰিবলৈ গৈছিল ঘৰত নজনোৱাকৈ । ইফালে ৰাজ্যৰ অন্যান্য জিলাত কেইবাখনো মাদ্ৰাছা জেহাদীৰ লগত সম্পৰ্ক থকাৰ বাবে মাদ্ৰাছা বন্ধ কৰিছে অসম আৰক্ষীয়ে ।
উল্লেখ্য যে জেহাদীৰ কাৰ্যকলাপ চলা সন্দৰ্ভত মৰিগাঁও জিলাৰ চহৰীয়াগাঁৱৰ জমিউল হুদা আৰু নিকটৱৰ্তী সৰু চলা মহিলা মাদ্ৰাছাৰ ১১ গৰাকী শিক্ষকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছিল (Jihadi activities in Assam from Madrasa)। দুয়োখন মাদ্ৰাছাতে আৰক্ষীয়ে অভিযানো চলাইছিল । জমিউল হুদা নামৰ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছিল অসম আৰক্ষীয়ে ৷ মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্যও লাভ কৰিছিল আৰক্ষীয়ে ।
ইয়াৰ পাছতে অসম আৰক্ষীৰ আইন শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে অলপতে সদৰী কৰিছে যে অসমত জেহাদীৰ কাৰ্যকলাপৰ লগত জড়িত মাদ্ৰাছাসমূহ চিনাক্ত কৰি বন্ধৰ ঘোষণা কৰা হ'ব ।
লগতে পঢ়ক :Class10 girl in Hojai found dead: উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ