ETV Bharat / state

ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী তুৱা বৰাৰ দেহাৱসান - তুৱা বৰাৰ দেহাৱসান

শনিবাৰে নিশা বিশিষ্ট সমাজকৰ্মী, ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তুৱা বৰাই শেষ নিশ্বাস ত্যাগ কৰে (Tua Bora passes away) ৷

Tua Bora passes away
Tua Bora passes away
author img

By

Published : Sep 4, 2022, 10:23 PM IST

চতিয়া,৪ ছেপ্টেম্বৰ: জামুগুৰিহাটৰ এগৰাকী সক্ৰিয় সমাজকৰ্মী তুৱা বৰা আৰু নাই ৷ শনিবাৰে নিশা বিশিষ্ট সমাজকৰ্মী, ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তুৱা বৰাই শেষ নিশ্বাস ত্যাগ কৰে ৷

বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল বৰা ৷ শেহতীয়াকৈ তেওঁৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটীত ভৰ্তি কৰা হৈছিল সমাজকৰ্মীগৰাকীক ৷ দেওবাৰে প্ৰয়াত তুৱা বৰাৰ নশ্বৰ দেহ জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱৰপৰা চতিয়া সমষ্টিৰ জামুগুৰিহাটসহ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ অনা হয় ৷

ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী তুৱা বৰাৰ দেহাৱসান

বিজেপিৰ চতিয়া সমষ্টিৰ জ্যেষ্ঠ নেতা তথা বাৰেচহৰীয়া ভাওনা কমিটীৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব পালন কৰা তুৱা বৰাৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ দলীয় কাৰ্যালয়ত বৰাৰ নশ্বৰদেহত তেওঁৰ আনুগামী সকলে শেষ শ্ৰদ্ধা জনায় ৷

ইফালে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ যথেষ্ট ঘনিষ্ঠ আছিল তুৱা বৰা ৷ তুৱা বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায় বিধায়কগৰাকীয়ে ৷ ষাঠিৰ উৰ্ধ্বৰ তুৱা বৰাৰ মৃত্যুত জামুগুৰিহাটৰ একাধিক দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত বৰাই তেওঁৰ সম্পূৰ্ণ পৰিয়ালটোক ইহসংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক: শৰ্মা কেবিনেটক আদৰিবলৈ কোকৰাঝাৰ ৰমক-জমক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.